কাৰাগাৰত তিনি মাহত কেজৰিৱালৰ ওজন কমিল ৮ কেজি

বিশেষ বাৰ্তা, ২৩ জুন : কাৰাগাৰত উদ্বেগজনকভাৱে শৰীৰৰ ওজন কমি আহিছে দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালৰ৷ আপৰ শীর্ষনেতাগৰাকীৰ স্বাস্থ্য ভাঙি পৰা বুলি দাবী কৰিছে দলৰ নেতা–কর্মীসকলে৷ আপ নেতা–কর্মীসকলে দাবী কৰা অনুসৰি তিনি মাহত কাৰাগাৰত কেজৰিৱালৰ ওজন প্রায় ৮ কিলোগ্রাম কমিছে৷ আপে দাবী কৰা অনুসৰি দিল্লীৰ মুখ্যমন্ত্রীগৰাকীৰ এনেদৰে দ্রুত গতিত ওজন কমি যোৱা বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰিছে বিশেষজ্ঞ চিকিৎসকসকলেও৷ যোৱা ২১ মার্চত আবকাৰী দুর্নীতিৰ অভিযোগত কেজৰিৱালক নিজৰ জিম্মাত লৈছিল ইডিয়ে৷ দুসপ্তাহ পিছত দিল্লীৰ মুখ্যমন্ত্রীগৰাকীক তিহাৰ কাৰাগাৰলৈ প্রেৰণ কৰা হয়৷ আপৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি গ্রেপ্তাৰৰ পূর্বে কেজৰিৱালৰ ওজন আছিল ৭০ কিলোগ্রাম৷ যোৱা ২২ জুনত কেজৰিৱালৰ ওজন ৬২ কিলোগ্রামলৈ হ্রাস পাইছে৷

Featured