সামৰিক কুচকাৱাজত বিধ্বংসী অস্ত্র প্রদর্শন কিমৰ

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ উত্তৰ কোৰিয়াই শনিবাৰে নিশা পিয়ংয়াঙত উলিওৱা সামৰিক কুচকাৱাজক কেন্দ্র কৰি পৃথিৱীজুৰি ব্যাপক চর্চা চলিছে৷ এই সামৰিক কুচকাৱাজত দেশখনৰ সমৰাস্ত্র প্রদর্শন কৰা হৈছে৷ ইয়াৰ ভিতৰত আছে বৃহৎ পাৰমাণৱিক বিস্ফোৰকবাহী বেলিষ্টিক ক্ষেপণাস্ত্র, পূর্বে প্রদর্শন নকৰা যুদ্ধ টেংক, অন্যান্য আধুনিক অস্ত্র তথা সামৰিক বাহন৷ অৱশ্যে এই সমাৱেশত অংশগ্রহণ কৰি উত্তৰ কোৰিয়াৰ শীর্ষ নেতাগৰাকীয়ে আমেৰিকাক ভাবুকি প্রদান কৰাৰ বিপৰীতে দেশখনৰ আত্মৰক্ষাৰ বাবে এই অস্ত্র নির্মাণ কৰা হৈছে বুলি ঘোষণা কৰিছে৷

বিশেষজ্ঞসকলে ধাৰণা কৰা অনুসৰি এই সমৰাস্ত্র প্রদর্শনৰ জৰিয়তে উত্তৰ কোৰিয়াই আমেৰিকাৰ ওপৰত নিষেধাজ্ঞা শিথিল কৰাৰ বাবে চাপ সৃষ্টি কৰাৰ কৌশল ৰচিছে৷ চি আই এ প্রাক্তন বিষয়া তথা উত্তৰ কোৰিয়া সন্দর্ভত বিভিন্ন সময়ত বিশ্লেষণ আগবঢ়োৱা ব্রুচ ক্লিংনাৰে উল্লেখ কৰা অনুসৰি উত্তৰ কোৰিয়াৰ পাৰমাণৱিক ভাবুকি কেতিয়াও বন্ধ নহয়৷

শেহতীয়া অস্ত্র প্রদর্শন আৰু সামৰিক কুচকাৱাজৰ জৰিয়তে আমেৰিকাক কিমে বুজাই দিব বিচাৰিছে যে উত্তৰ কোৰিয়া এতিয়া যিকোনো যুদ্ধৰ মোকাবিলাৰ বাবে সক্ষম৷ লক্ষণীয়ভাৱে ক্ষেপণাস্ত্র পৰিবাহী, ছাবমেৰিন ক্ষেপণাস্ত্র, আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্র আদি প্রদর্শন কৰি উত্তৰ কোৰিয়াই চীনৰ দৰে শক্তিশালী সমৰাস্ত্র মজুত কৰাৰ প্রমাণ দাঙি ধৰিছে৷ গতিকে বিশ্বজুৰি দেশখনৰ এই অস্ত্রক লৈ চলিছে সৰৱ চর্চা৷