নেপালত ভূমিস্খলনত ১১জনৰ প্রাণহানি সন্ধানহীন ২০

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ মুষলধাৰ বৰষুণৰ ফলত সংঘটিত ভূমিস্খলনত হিমালয়ান ৰাষ্ট্র নেপালৰ মধ্যভাগত কমপক্ষেও ১১গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰি অন্য ২০গৰাকী সন্ধানহীন হৈ আছে৷ এই শোকাৱহ ভূমিস্খলনত প্রাণ হেৰুওৱা লোকসকলৰ ভিতৰত সাতগৰাকী মহিলাও আছে৷ চৰকাৰী সূত্রই সদৰী কৰিছে এই তথ্য৷

শনিবাৰৰ নিশা সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা৷ ভূমিস্খলনৰ ফলত সিন্ধুপলচ’ক জিলাৰ ভিৰখার্কা অঞ্চলত ১৫টাকৈ বাসগৃহ সম্পূর্ণৰূপে ধ্বংস হৈছে৷ কাঠমাণ্ডুৰ পৰা ১২০ কিলোমিটাৰ নিলগত সংঘটিত এই শোকাৱহ ঘটনাৰ পিছতে অঞ্চলটোত উপস্থিত হৈছে সেনা আৰু আৰক্ষীৰ দল৷ ইতিমধ্যে সেনা–আৰক্ষীয়ে উদ্ধাৰ অভিযান তীব্রতৰ কৰিছে অঞ্চলটোত৷ কেইবাঘণ্টা ধৰি চলোৱা অভিযানৰ পিছত ১১টা মৃতদেহ উদ্ধাৰ হৈছে ঘটনাস্থলীত৷ এই মৃতদেহবোৰৰ ভিতৰত সাতগৰাকী মহিলাৰ মৃতদেহ থকা বুলি আৰক্ষী সূত্রই সংবাদ মাধ্যমক জনাইছে৷

ইফালে, সন্ধানহীন লোকসকলক উদ্ধাৰ কৰাৰ বাবে সেনা–আৰক্ষীয়ে যুদ্ধকালীন তৎপৰতা গ্রহণ কৰা বুলি গৃহ মন্ত্রণালয়ৰ সূত্রই সদৰী কৰিছে৷