LOC ত ১.৩ লাখ পাক সেনা মোতায়েন

জন্মু-কাশ্মীৰ সীমান্তত উত্তেজনা । কাশ্মীৰৰ বান্দিপাৰাত সংঘৰ্ষত ২ সন্ত্ৰাসবাদী নিহত ।

নিউজডেস্ক, ১১ নৱেম্বৰঃ জন্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাকিস্তানে ক্ৰমান্বয়ে বৃদ্ধি কৰি আহিছে সেনাৰ মোতায়েন । যোৱা ৫ আগষ্টত ভাৰতে ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পাছৰে পৰা চুবুৰীয়া দেশখনে সীমান্তত যুদ্ধংদেহি অৱস্থান গ্ৰহণ কৰিছে । ইপিনে জন্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে এইদৰে সেনাৰ মোতায়েন আৰু অস্ত্ৰ-শস্ত্ৰ মজুত কৰা কাৰ্যৰ সবিশেষ ভাৰতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত অৱগত কৰিছে । ভাৰতীয় সেনাই এই সংক্ৰান্তত সকলো তথ্য ভাৰত চৰকাৰৰ ওচৰত দাখিল কৰিছে । লগতে ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ কৰা মতে পাকিস্তানে নিয়ন্ত্ৰণ ৰেখাত ভাৰতৰ সাধাৰণ লোকক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰি আহিছে । তথ্য মতে জন্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাকিস্তানে এছ এছ জিৰ প্ৰায় ২,০০০ সেনা জোৱান মোতায়েন কৰিছে । কিন্তু পাকিস্তানে শেহতীয়াকৈ নিয়ন্ত্ৰণ ৰেখাত ১.৩ লাখ সেনা মোতায়েন কৰি দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি কৰিছে ।

indian armyjammu & kashmir