ক’ভিড লকডাউনৰ বাবে গোলকীয় প্রদূষণ হ্রাস ২০ শতাংশ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ ক’ভিড–১৯ মহামাৰীৰ সময়ত বিশ্বজুৰি প্রয়োগ কৰা লকডাউনৰ ফলত লক্ষণীয়ভাৱে হ্রাস পাইছে প্রদূষণৰ মাত্রা৷ ইন্ধনৰ ব্যৱহাৰ হ্রাস পোৱাৰ বাবেই প্রদূষণৰ মাত্রা হ্রাস পোৱা বুলি উল্লেখ কৰিছে মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাই৷

ক’ভিড সংক্রমণত প্রতিৰোধ লগাবলৈ পৃথিৱীৰ প্রায় প্রতিখন দেশে প্রয়োগ কৰা কঠোৰ নিষেধাজ্ঞা আৰু লকডাউনৰ ফলত নাইট্রজেন–ডাই অক্সাইডৰ পর্যায় কমপক্ষেও ২০ শতাংশ হ্রাস পাইছে৷ নাইট্রজেন–ডাই–ক্সা জৈৱ ইন্ধনৰ প্রয়োগৰ বাবেই বৃদ্ধি পায়৷ বায়ু প্রদূষণত এই বিষাক্ত গেছবিধে অৰিহণা যোগায়৷ নাছাৰ গৱেষকসকলে যোৱা ফেব্রুৱাৰী মাহৰ পৰা এই বিষয়টোৰ ওপৰত অধ্যয়ন চলাই আহিছে৷

সংস্থাটোৰ এক প্রতিবেদন অনুসৰি প্রদূষণ সন্দর্ভত চলিত বর্ষৰ এক আন্তর্জাতিক সমাৱেশত সবিশেষ তথ্য সদৰী কৰা হৈছে৷ প্রদূষণৰ মাত্র হ্রাস পোৱা মানেই বিশ্বজুৰি শ শ কোটি লোকৰ বাবে এয়া এক ইতিবাচক দিশ হিচাপে চিহ্ণিত হৈছে৷ অর্থাৎ ক’ভিড–১৯ মহামাৰী প্রতিৰোধৰ বাবে প্রয়োগ কৰা লকডাউন জনসাধাৰণৰ জীৱনলৈ আশীর্বাদ বুলি চিহ্ণিত হৈছে৷