মিত্ৰজোঁট ‘INDIA’ৰ প্ৰতিনিধি দলৰ মণিপুৰৰ ৰাজ্যপালক স্মাৰক-পত্ৰ

বিশেষ বাৰ্তা, ৩০ জুলাই : বিৰোধী মিত্ৰজোঁট “INDIA”ৰ ২১গৰাকী সাংসদে মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীক সাক্ষাৎ কৰি আজি স্মাৰক-পত্ৰ প্ৰদান কৰে। হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱা মণিপুৰৰ বৰ্তমানৰ অৱস্থাৰ বুজ লোৱাৰ বাবে শনিবাৰে “INDIA”ৰ এটা প্ৰতিনিধি দল ৰাজ্যখনত উপস্থিত হয়। দেওবাৰে পুৱা মণিপুৰৰ ৰাজভৱনত প্ৰতিনিধি দলটোৰ ২১জন সাংসদে ৰাজ্যপালক সাক্ষাৎ কৰে। তদুপৰি সংবাদ মাধ্যমৰ সন্মুখত বিৰোধী মিত্ৰজোঁটৰ সাংসদসকলে মণিপুৰৰ ভয়াৱহ পৰিস্থিতিৰ কথা উল্লেখ কৰি অনাস্থা প্রস্তাৱক লৈ ক্ষিপ্ৰ আলোচনাৰ দাবী জনায়। ৰাজভৱনৰ পৰা ওলাই আহি কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়- “২১জন সাংসদে পৃথকে পৃথকে ৰাজ্যপালক স্মাৰক-পত্ৰ প্ৰদান কৰিছে। দুদিনীয়া এই ভ্ৰমণৰ সময়ছোৱাত সমগ্ৰ ৰাজ্যখন ভ্ৰমণ কৰি আমি দেখা সকলো কথা আৰু আমাৰ অভিজ্ঞতাৰ বিষয়ে ৰাজ্যপালক অৱগত কৰিছোঁ। আমাৰ বক্তব্যৰ সৈতে তেওঁ সহমত পোষণ কৰে।” তদুপৰি অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়- ৰাজ্যপালগৰাকীয়ে মণিপুৰলৈ আহিবলৈ সকলো দলৰ এটা প্ৰতিনিধি দল গঠন কৰাৰ লগতে ৰাজ্যখনৰ সকলো জনগোষ্ঠীৰ নেতাৰ সৈতে কথা পাতি সংকট সমাধানৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। উল্লেখ্য যে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ নেতৃত্বত “INDIA”ৰ অংশীদাৰ দলসমূহৰ ২১জন সাংসদৰ এটা প্ৰতিনিধি দলে শনিবাৰে বিজেপিশাসিত উত্তৰ-পূব ৰাজ্যখনত উপস্থিত হয়।

Featured