৪ মাহতেই ৮০ সহস্রাধিকে হেৰুৱালে সংস্থাপন

🔹 বিশ্বৰ তথ্য–প্রযুক্তি খণ্ডত কর্মচাৰী চাটাই অভিযান অব্যাহত

বিশেষ বাৰ্তা, ৫ মে’ : ক’ভিড মহামাৰীৰ পিছত বিশ্বৰ তথ্য–প্রযুক্তি খণ্ডত কর্মচাৰী চাটাই অভিযান আৰম্ভ কৰি বিশ্বৰ প্রখ্যাত কোম্পানীসমূহে এই অভিযান অব্যাহত ৰাখিছে৷ বিনিয়োগৰ তুলনাত অধিক লাভৱান হোৱাৰ উপৰি মানৱ সম্পদৰ বিপৰীতে কৃত্রিম বুদ্ধিমত্তা প্রয়োগত প্রাধান্য দিয়াৰ বাবেই কর্মচাৰী চাটাই অভিযান অব্যাহত ৰাখিছে৷ শেহতীয়া প্রতিবেদন মতে, ২০২৪ বর্ষৰ প্রথম ৪ মাহতে ২৭৯টা প্রখ্যাত কোম্পানীৰ ৮০ সহস্রাধিক কর্মচাৰীয়ে হেৰুৱালে সংস্থাপন৷ বিশ্বজুৰি ষ্টার্ট আপকে ধৰি প্রযুক্তি খণ্ডৰ কর্মচাৰী হ্রাসৰ প্রক্রিয়া ইমানেই দ্রুততৰ কৰি তুলিছে যে প্রতি মাহতে সংস্থাপন হেৰুৱাবলগীয়া হৈছে শিক্ষিত–উচ্চ শিক্ষিত কর্মচাৰীয়ে৷ তথ্য মতে, ৩ মে’লৈকে ৮০,২৩০ কর্মচাৰীয়ে সংস্থাপন হেৰুৱাইছে৷ তথ্য–প্রযুক্তি আৰু ষ্টার্ট আপত ইতিমধ্যে ২০২২ চনৰ পৰা ২০২৩ চনলৈকে ৪,২৫,০০০জনে সংস্থাপন হেৰুৱাইছিল৷ অর্থাৎ এতিয়ালৈকে সংস্থাপন হেৰুওৱা শিক্ষিত কর্মচাৰীৰ সংখ্যা ৫ লাখ অতিক্রম কৰিলে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ মেনেজমেণ্ট প্লেটফর্ম স্প্রিংকলৰে শেহতীয়াভাৱে ১১৬জন কর্মচাৰীক চাটাই কৰিছে৷ মাইক্র’ছফটৰ পৰা আমাজনলৈকে, গুগলৰ পৰা টেছলালৈকে প্রখ্যাত প্রখ্যাত কোম্পানীসমূহে মানৱ সম্পদৰ বিপৰীতে কৃত্রিম বুদ্ধিমত্তাক প্রাধান্য দিয়া দেখা গৈছে৷ বিজ্ঞানীসকলৰ শংকা মতে, মানৱ সম্পদৰ বাবে কৃত্রিম বুদ্ধিমত্তা প্রত্যাহ্বান হৈ উঠাটো প্রযুক্তি খণ্ডত কর্মচাৰী চাটায়ে নিশ্চিত কৰিছে৷ তথ্য–প্রযুক্তিত কর্মচাৰী চাটাই অভিযান মানৱ সম্পদৰ বাবে বিপজ্জনক হিচাপে চর্চিত হৈছে৷

Featured