পেৰিছত স্বর্ণ পদকৰ বাবে নীৰজৰ নামত কিমান খৰচ চৰকাৰৰ

🔹 আঠবাৰ বিদেশত গৈ কৰিছিল অনুশীলন

নিউজ ডেস্ক, ১০ আগষ্ট : দেশবাসীয়ে চলিত পেৰিছ অলিম্পিকত তেওঁৰ পৰা স্বর্ণ পদক আশা কৰিছিল৷ কিন্তু নীৰজ চোপ্রাই দেশবাসীৰ আশা বাস্তৱায়িত কৰিব নোৱাৰিলে৷ তেওঁ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়৷ একেৰাহে দুখন অলিম্পিকত পদক জয় কৰাৰ পিছতো স্বর্ণ পদকৰ পৰা বঞ্চিত হয়৷ চলিত পেৰিছ অলিম্পিকত স্বর্ণ জয়ৰ বাবে ভাৰত চৰকাৰে নীৰজ চোপ্রাৰ বাবে প্রায় ৬ কোটি টকা খৰচ কৰিছিল৷ কোনো কৃপণালি কৰা নাছিল ৷ ২০২১ চনত টকিঅ’ত নীৰজৰ প্রদর্শনে স্পষ্ট কৰি দিছিল যে পেৰিছতো তেওঁ স্বর্ণ পদকৰ প্রবল দাবীদাৰ৷ সেয়ে আগন্তুক তিনি বছৰৰ বাবে ‘টার্গেট অলিম্পিক প’ডিয়াম আঁচনি’ৰ অধীনত নীৰজৰ বাবে ৩,১২,০৪,৯৯ টকা ব্যয় কৰা হৈছিল৷ ইয়াৰ উপৰি ‘প্রশিক্ষণ আৰু প্রতিযোগিতাৰ বার্ষিক কেলেণ্ডাৰ’ৰ অধীনত নীৰজৰ বাবে আৰু ২,৬০,১৭,৩৫৮ টকা ব্যয় কৰা হৈছিল৷ অর্থাৎ কেন্দ্রীয় চৰকাৰে দুটা প্রকল্পত মুঠ ৫,৭২,২১,৪৫৭ টকা ব্যয় কৰিছে৷ এই তথ্য ভাৰতীয় ক্রীড়া কর্তৃপক্ষই প্রদান কৰিছে৷ যোৱা তিনি বছৰত নীৰজে চৰকাৰী খৰচত ৬বাৰ বিদেশত অনুশীলন কৰিছিল৷ তেওঁৰ বাবে প্রশিক্ষক, ফিজিঅ’ৰ ব্যৱস্থাও কৰা হৈছিল৷ নীৰজে ২০২১ চনৰ ৫ ডিচেম্বৰৰ পৰা ২০২২ চনৰ ৪ মার্চলৈকে ফিনলেণ্ড, তুৰস্ক, আমেৰিকা, ইংলেণ্ড, দক্ষিণ আফ্রিকা, জার্মানীত মুঠ ৯০ দিন অনুশীলন কৰিছিল৷ তেওঁৰ লগত তেওঁৰ প্রশিক্ষক আৰু ফিজিঅ’ও আছিল৷ এছিয়ান গেমছৰ বাবে তেওঁ প্রস্তুতি চলাইছিল আৰু স্বর্ণ পদক লাভ কৰিছিল৷ নীৰজে ২০২২ চনৰ ২৬ মে’ৰ পৰা ২২ জুনলৈ মুঠ ২৮ দিন অনুশীলন কৰিছিল ফিনলেণ্ডৰ কুয়ৰটানত থকা অলিম্পিক ট্ৰেইনিং চেণ্টাৰত৷ সেই বছৰতে নীৰজে ২০ নৱেম্বৰৰ পৰা ২১ জানুৱাৰীলৈকে লণ্ডনৰ ল’ফব’ৰ’ বিশ্ববিদ্যালয়ত ৬৩ দিন অনুশীলন কৰিছিল৷ অনুশীলনৰ সময়ত তেওঁৰ লগত প্রশিক্ষক আৰু ফিজিঅ’ও আছিল৷ ২০২৩ আৰু ২০২৪ চনত বিদেশত কেইবাবাৰো প্রস্তুতি চলাইছিল নীৰজে৷ নীৰজে ২০২৩ চনৰ ৫ ডিচেম্বৰৰ পৰা ২০২৪ চনৰ ২৯ ফেব্রুৱাৰীলৈ দক্ষিণ আফ্রিকাৰ প’চেষ্ট্রমত ৮৫ দিন অনুশীলন কৰিছিল৷ এইবাৰ অলিম্পিকৰ পূর্বে তেওঁ আৰু দুবাৰকৈ বিদেশত শিবিৰ পাতিছিল৷ ৮ মার্চৰ পৰা ২৫ মে’লৈ মুঠ ৭৯ দিন তুৰস্কত আছিল৷ অলিম্পিকৰ ঠিক আগতে নীৰজে ২৯ মে’ৰ পৰা ২৮ জুলাহলৈকে ফিনলেণ্ড, জার্মানী আৰু তুৰস্কত ৬১ দিন প্রশিক্ষণ লৈছিল৷ এই সকলোবোৰ শিবিৰতে নীৰজৰ লগত প্রশিক্ষক আৰু ফিজিঅ’ও আছিল৷ যোৱা তিনি বছৰত নীৰজৰ প্রতিটো প্রশিক্ষণ শিবিৰৰ বাবে চৰকাৰে ধন পৰিশোধ কৰিছে৷ অৱশ্যে ইয়াৰ ফলাফল পোৱা গৈছে৷ টকিঅ’ৰ পিছত তেওঁ পেৰিছতো পদক লাভ কৰে৷ কিন্তু নীৰজে স্বর্ণ পদক অৰ্জন কৰাত ব্যর্থ হয়৷

Featured