আমেৰিকাত ভাৰতীয় মূলৰ লোকৰ গুলীত নিহত নেপালৰ শিক্ষার্থী

নিউজ ডেস্ক, ৩১ আগষ্ট : আমেৰিকা যুক্তৰাষ্ট্রৰ হষ্টনৰ এটা এপার্টমেণ্টত ডকাইতিৰ সময়ত ভাৰতীয় মূলৰ এজন লোকৰ গুলীত নিহত হয় নেপালৰ এগৰাকী শিক্ষার্থী৷ ববী সিং শ্বাহ নামৰ ৫২ বছৰীয়া ভাৰতীয় মূলৰ লোকজনৰ গুলীত নিহত হোৱা নেপালৰ শিক্ষার্থীগৰাকী ২১ বছৰীয়া মুনা পাণ্ডে বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, হষ্টন এপার্টমেণ্টত কেইবাটাও গুলী লগা মুনা পাণ্ডেৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ চিচি টিভি ফুটেজৰ আধাৰত হত্যাকাৰী শ্বাহক চিনাক্ত কৰি পিছত আৰক্ষীয়ে এখন দোকানৰ পৰা গ্রেপ্তাৰ কৰিছে৷ শ্বাহৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে৷ উল্লেখ্য যে নিহত মুনা পাণ্ডে ২০২১ চনত নেপালৰ পৰা হষ্টন কমিউনিটী কলেজত অধ্যয়নৰ বাবে আমেৰিকালৈ গৈছিল৷ নেপালত থকা মাতৃক আমেৰিকালৈ অহাৰ বাবে সকলো সুবিধা প্রদানৰ ক্ষেত্রত নেপাল দূতাৱাসক সহায় কৰিবলৈ হষ্টনৰ নেপালী সংগঠনে আহ্বান জনাইছে৷

Featured