কোপা আমেৰিকাৰ নকআউটৰ মেচত নতুন নিয়ম

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ জুলাইঃ গ্রুপ পর্যায়ৰ মেচৰ সামৰণিৰ পিছত আজিৰ পৰা আৰম্ভ হ’ব কোপা আমেৰিকা ফুটবলৰ নকআউট পর্যায়ৰ খেল৷ ইতিমধ্যে ডিফেণ্ডিং চেম্পিয়ন আর্জেণ্টিনা আৰু ব্রাজিলৰ দৰে শক্তিশালী দলে অন্তিম আঠত প্রৱেশ কৰিছে৷ প্রতিযোগিতাখনৰ ফাইনেলৰ বাহিৰে কোৱার্টাৰ ফাইনেল আৰু ছেমিফাইনেলত নতুন নিয়ম প্রয়োগ কৰা হৈছে৷ কোৱার্টাৰ আৰু ছেমিফাইনেলত কোনো অতিৰিক্ত সময় নাথাকিব৷ ৯০ মিনিটৰ খেলৰ অন্তত টাইব্রেকাৰৰ জৰিয়তে খেলৰ ফলাফল নির্ণয় হ’ব৷ সাধাৰণতে আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত নকআডট মেচত অতিৰিক্ত সময় থাকে৷ নির্ধাৰিত ৯০ মিনিটত খেল শেষ নহ’লে অতিৰিক্ত সময়ত খেলখন অনুষ্ঠিত হয়৷ ১৫ মিনিটৰ দুটা অর্ধত যদি কোনো নিষ্পত্তি নহয়, তেন্তে ফলাফলত টাইব্রেকাৰৰ বাবে অপেক্ষা কৰিবলগীয়া হয়৷ চলিত ইউৰো কাপতো একেই নিয়ম চলি আছে৷ কিন্তু কোপা আমেৰিকা হয়াৰ ব্যতিক্রম৷ তেওঁলোকৰ নতুন নিয়মত অতিৰিক্ত সময় নাই৷ তেনে ক্ষেত্রত ৯০ মিনিট খেলৰ পিছত প্রত্যক্ষ টাইব্রেকাৰৰ জৰিয়তে সিদ্ধান্ত লোৱা হ’ব৷ অৱশ্যে ১৫ জুলাইৰ ফাইনেলত অতিৰিক্ত সময় আছে৷ আজি প্রথমখন কোৱার্টাৰ ফাইনেলত ইকুৱেডৰৰ মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন আর্জেণ্টিনা৷ পৰৱর্তী খেলখন হ’ব ভেনিজুৱেলা–কানাডা আৰু কলম্বিয়া–পানামাৰ মাজত৷ মন কৰিবলগীয়া যে ২০২১ চনৰ কোপাত নকআউটত কোনো অতিৰিক্ত সময় নাছিল৷

Featured