মোদীক কোনেও ভয় খুৱাব নোৱাৰে, প্ৰধানমন্ত্ৰীক প্ৰশংসা পুটিনৰ

বিশেষ বাৰ্তা, ৮ ডিচেম্বৰ : ‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কোনেও ভয় খুৱাব নোৱাৰে। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো তেওঁক জোৰ-জবৰদস্তি কৰিব নোৱাৰি।’- এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। তেওঁৰ মতে, মোদীক ভাৰত আৰু ভাৰতীয়ৰ বিৰুদ্ধে কোনো সিদ্ধান্ত ল’বলৈ বাধ্য কৰিব নোৱাৰি। মন কৰিবলগীয়া যে ইউক্ৰেইনৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পাছতো পশ্চিমীয়া বিশ্বৰ প্ৰবল হেঁচাত ভাৰতে ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ভংগ কৰা নাছিল। বৃহস্পতিবাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰে। পুটিনৰ মতে কেৱল ভাৰতৰ স্বাৰ্থ ৰক্ষা কৰাই নহয়, ভাৰত-ৰাছিয়াৰ দ্বিপাক্ষিক সম্পৰ্কতো মোদীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁৰ মতে- “ভাৰত আৰু ৰাছিয়াৰ দ্বিপাক্ষিক সম্পৰ্ক সকলো ফালৰ পৰা উন্নত হৈছে।” আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত মই সদায় উল্লেখ কৰা কেইজনমান নেতাৰ ভিতৰত মোদী অন্যতম।- পুটিনে কয়। ভাৰত আৰু ৰাছিয়াৰ মাজত বাণিজ্যিক সম্পৰ্কৰ বৃহৎ উন্নতিৰ বিষয়েও পুটিনে কয়।

Featured