কাৰাবন্দী ইমৰান খানৰ পিটিআইক নিষিদ্ধ পাকিস্তান চৰকাৰৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জুলাইঃ পাকিস্তানৰ কাৰাবন্দী প্রাক্তন প্রধানমন্ত্রী ইমৰান খানৰ ৰাজনৈতিক দল পিটিআইক নিষিদ্ধৰ সিদ্ধান্ত গ্রহণ কৰিছে পাক চৰকাৰে৷ পাকিস্তানৰ তথ্য মন্ত্রী আতাউল্লা কাৰাৰে চৰকাৰখনে পিটিআইক নিষিদ্ধ ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা বুলি প্রকাশ কৰিছে৷ দেশদ্রোহী কার্যকলাপত জড়িত থকাৰ বাবে পূর্বৰ শাসকীয় ৰাজনৈতিক দল পাকিস্তান তেহৰিক–ই–ইনছাফ, চমুকৈ পিটিআইক নিষিদ্ধ ঘোষণাৰ সিদ্ধান্ত লোৱা হৈছে বুলি মন্ত্রীগৰাকীয়ে প্রকাশ কৰে৷ উল্লেখ্য যে ৭১ বছৰীয়া ইমৰান খান বিভিন্ন গোচৰত ৰাৱালপিণ্ডি আদিয়ালা কাৰাগাৰত বন্দী হৈ আছে৷

Featured