নেইমাৰে মোলৈ ব্যক্তিগত মেছেজ পঠিয়ায়

🔹 গেমছ ভিলেজৰ পৰা উলিয়াই দিয়া মহিলা সাঁতোৰবিদৰ দাবী

নিউজ ডেস্ক, ১২ আগষ্ট : অলিম্পিকৰ পৰা বিতাড়িত কৰাৰ পিছতো বিতর্কই লগ এৰা নাই পাৰাগুৱেৰ মহিলা সাঁতোৰবিদ লুয়ানা অলন্সক৷ তেওঁ দাবী কৰিছে যে ব্রাজিলৰ ফুটবল তাৰকা নেইমাৰে তেওঁলৈ ব্যক্তিগত মেছেজ পঠিয়ায়৷ অৱশ্যে এই বিষয়ে এতিয়াও মুখ খুলা নাই নেইমাৰে৷ গেমছ ভিলেজৰ পৰিৱেশ নষ্ট কৰাৰ অভিযোগত লুয়ানাক অলিম্পিকৰ পৰা বহিষ্কাৰ কৰা হৈছিল৷ ইয়াৰ পিছতে এটি ৰেডিঅ’ৰ অনুষ্ঠানত ২০ বছৰীয়া লুয়ানাই কয়– নেইমাৰে মোলৈ ব্যক্তিগত মেছেজ পঠিয়ায়৷ কেৱল এইখিনিয়ে ক’ব পাৰোঁ৷ মেছেজত কি কথা লিখে সেই বিষয়ে মই ইয়াত ক’ব নোৱাৰিম৷ লুয়ানাই আৰু দাবী কৰে যে অলিম্পিকক লৈ গুজব প্রচাৰ কৰা হৈছে৷ তেওঁক গেমছ ভিলেজৰ পৰা বিতাড়িত কৰা হোৱা নাছিল৷ তেওঁ নিজেই দেশলৈ উভতি যোৱা বুলি জনাইছে সাঁতোৰবিদগৰাকীয়ে৷ উল্লেখ্য যে দীর্ঘদিন আঘাতত ভুগি থকা নেইমাৰ এতিয়াও খেলপথাৰলৈ উভতি অহা নাই৷ ইতিমধ্যে তেওঁৰ আঁঠুৰ অস্ত্রোপচাৰ সম্পন্ন হৈছে৷ যোৱা বছৰৰ অক্টোবৰত তেওঁ আঘাত পাইছিল৷ তাৰ পিছৰ পৰা ফুটবলাৰগৰাকী খেলপথাৰৰ বাহিৰত আছে৷ অৱশ্যে ইয়াৰ পিছতো চৌদি প্র’ লীগ জয় কৰাত কোনো সমস্যা হোৱা নাছিল নেইমাৰৰ ক্লাব আল হিলালৰ৷ অহা বছৰৰ আৰম্ভণিতে তেওঁ খেলপথাৰত নমাৰ কথা৷

Featured