খেলপথাৰতে গ’লকীপাৰৰ ভৰিত গুলীয়ালে আৰক্ষীয়ে

🔹 ব্রাজিলৰ ঘৰুৱা ফুটবলত চাঞ্চল্যকৰ ঘটনা

বিশেষ বাৰ্তা, ১৪ জুলাই : ফুটবল খেলপথাৰত কাজিয়াৰ দৃশ্য নতুন নহয়৷ ফুটবল খেলুৱৈসকলে প্রায়ে উত্তেজনাপূর্ণ পৰিস্থিতিত বিবাদৰ সন্মুখীন হয়৷ এটা সময়ত যুদ্ধৰ পর্যায়ো পায়গৈ৷ খেলৰ সময়ত ফুটবল খেলুৱৈৰ শৰীৰ ৰক্তাক্ত হৈ পৰে৷ কিন্তু এইবাৰ ফুটবল খেলপথাৰত দেখা গ’ল এটা ভয়ংকৰ দৃশ্য৷ আৰক্ষীয়ে গুলীয়ালে গ’লৰক্ষকৰ ভৰিত৷ লগে লগে ৰক্তাক্ত হৈ পৰে খেলপথাৰ৷ এই ঘটনা সংঘটিত হৈছে ব্রাজিল ফুটবলত৷ ব্রাজিলৰ ঘৰুৱা ফুটবলৰ গ’য়ানো চেম্পিয়নশ্বিপত গ্রেমিঅ’ এনাপলিছ আৰু চেন্ট্ৰ’ ভেষ্টাছৰ মুখামুখি হৈছিল৷ যোৱা বুধবাৰে খেলখন শেষ হোৱাৰ পিছত খেলপথাৰৰ পৰিৱেশ উত্তপ্ত হৈ পৰে৷ সাধাৰণতে এই দৃশ্যটোৰ সৈতে দর্শক পৰিচিত নহয়৷ আলোচনাৰ সময়ত গ্রেমিঅ’ এনাপলিছৰ ফুটবলাৰ ৰেমন ছৌজা উপস্থিত থাকে৷ কিন্তু হঠাৎ পৰিস্থিতিয়ে বেলেগ ৰূপ ল’লে৷ পথাৰত থকা এজন আৰক্ষীয়ে বন্দুক উলিয়াহ ৰবৰৰ গুলী চলায় গ’লৰক্ষক ৰমনৰ ভৰিত৷ লগে লগে তেওঁ মাটিত ঢলি পৰে৷ বাকী ফুটবলাৰসকলো এই সমগ্র ঘটনাত কিছু সময়ৰ বাবে স্তম্ভিত হৈ পৰে৷ পিছত ক্লাবৰ চিকিৎসকৰ দলে প্রাথমিক চিকিৎসা আৰম্ভ কৰে৷ ইয়াৰ পিছত ৰমনক ষ্ট্রেচাৰত উঠাই চিকিৎসালয়লৈ লৈ যোৱা হয়৷ গ্রেমিঅ’ এনাপলিছে এই সমগ্র ঘটনাক তীব্র গৰিহণা দিয়ে৷ তেওঁলোকে কয়– এটা অবিশ্বাস্য, ভয়ংকৰ আৰু জঘন্য অপৰাধ সংঘটিত হৈছে৷ আৰু যিয়েই তেনেকুৱা কৰিছিল, তেওঁ নিৰাপত্তাৰ দায়িত্ব লৈছিল৷ এই ঘটনা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ৷ অৱশ্যে এই সন্দর্ভত আৰক্ষীয়েও তদন্ত আৰম্ভ কৰিছে৷ তেওঁলোকে কয়- এনে ঘটনা কোনো কাৰণতে সহ্য কৰা নহ’ব৷