অমিক্ৰন আতংকৰ মাজতে ক’ৰোনাত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি ৰামাফোছা

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ: অমিক্ৰন আতংকৰ মাজতে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচা আক্ৰান্ত হ’ল ক’ৰোনাত। ভেকছিনৰ দুটা পালি গ্ৰহণ কৰাৰ পিছতো তেওঁ আক্ৰান্ত হয় ক’ৰোনাত।

সংবাদ সংস্থা এএফপিৰ মতে, শৰীৰত মৃদু লক্ষণৰ বাবে ৰামাফোছাৰ কৰোনা পৰীক্ষা কৰা হৈছিল। তেওঁৰ পৰীক্ষাৰ ফলাফল দেওবাৰে প্ৰকাশ কৰিছিল। একে সময়তে কৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰন দক্ষিণ আফ্ৰিকাৰ পৰা বিশ্বলৈ বিয়পি পৰিছে। অৱশ্যে ৰাষ্ট্ৰপতিগৰাকীৰ শৰীৰত এই প্ৰকাৰটো আছে নে নাই এইটো স্পষ্ট নহয়। দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি ৰামাফোচা বৰ্তমান কেপ টাউনত আছে বুলি জানিব পৰা গৈছে। উপ ৰাষ্ট্ৰপতি ডেভিদ মাবুজাই তেওঁৰ অনুপস্থিতিত সকলো কাৰ্যকলাপ সম্পাদন কৰিছে।