বিবেকানন্দ ৰক মেম’ৰিয়েলত ৪৫ ঘণ্টীয়া ধ্যান সামৰিলে প্রধানমন্ত্রী মোদীয়ে

বিশেষ বাৰ্তা, ১ জুন : তামিলনাডুৰ কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেম’ৰিয়েলত ৪৫ঘণ্টীয়া ধ্যান সম্পূর্ণ কৰি ওলাল প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ লোকসভা নির্বাচনৰ অন্তিম পর্যায় তথা সপ্তম পর্যায়ৰ নির্বাচনী প্রচাৰ সামৰণিৰ পাছতেই যোৱা ৩০ মে’ত প্রধানমন্ত্রী মোদীয়ে কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেম’ৰিয়েলৰ ধ্যান মন্দপমত আধ্যাত্মিক ধ্যানমগ্ন হয়৷ ১৯ এপ্রিলৰ পৰা ৩০ মে’লৈকে ৭টা পর্যায়ৰ নির্বাচনী প্রক্রিয়াত দেশৰ প্রান্তে প্রান্তে নির্বাচনী প্রচাৰ চলোৱা প্রধানমন্ত্রী মোদীয়ে ধ্যান মন্দপমত ৪৫ ঘণ্টীয়া ধ্যানৰ পৰিকল্পনা কৰি দিনে–নিশাই ধ্যান কৰি আজি বিয়লি এই ধ্যান ভংগ কৰে৷ হিন্দু দার্শনিক স্বামী বিবেকানন্দই ভাৰত মাতা সন্দর্ভত স্বর্গীয় দৃষ্টিভংগীৰ বিশ্বাসেৰে উক্ত কন্যাকুমাৰীৰ ধ্যান মন্দপমত ধ্যান কৰিছিল৷ স্বামী বিবেকানন্দৰ আদর্শৰে অনুপ্রাণিত হৈয়েই প্রধানমন্ত্রী মোদীয়ে দেশবাসীৰ কল্যাণৰ বাবে এই ধ্যানত বহাৰ পৰিকল্পনা কৰা বুলি ইতিমধ্যে প্রকাশ কৰিছে৷ আজি সপ্তম পর্যায়ৰ ভোটগ্রহণৰ সামৰণিৰ পূর্বেই প্রধানমন্ত্রী মোদীয়ে ধ্যান ভংগ কৰি বাহিৰলৈ ওলাই আহে৷ উল্লেখ্য যে যোৱা ৩০ মে’ত কন্যাকুমাৰীৰ সমীপৰ তিৰুৱনন্তপুৰমত হেলিকপ্টাৰেৰে অৱতৰণ কৰি প্রধানমন্ত্রী মোদীয়ে প্রথমে ভাগৱতী আম্মান মন্দিৰত পূজা-প্রার্থনা কৰে আৰু ইয়াৰ পাছতেই ফেৰীৰে বিবেকানন্দ ৰক মেম’ৰিয়েললৈ গৈ ধ্যানত মগ্ন হয়৷ স্বামী বিবেকানন্দৰ স্মৃতি ৰক্ষার্থে নির্মাণ কৰা এই ৰক মেম’ৰিয়েলত প্রথমবাৰৰ বাবে প্রধানমন্ত্রী মোদীয়ে আধ্যাত্মিক ধ্যানত বহে৷ ১৮৯২ৰ শেষত স্বামী বিবেকানন্দই সাগৰ পৃষ্ঠত থকা কন্যাকুমাৰীৰ শিলত বহি ধ্যান কৰিছিল৷ সেই স্থানকেই বিবেকানন্দ ৰক মেম’ৰিয়েল হিচাপে জনা যায়৷ তাৎপর্যপূর্ণ যে ২০১৪ চনৰ লোকসভা নির্বাচনৰ সময়ত শিৱাজীৰ প্রতাপগড় ভ্রমণ কৰাৰ বিপৰীতে ২০১৯ চনত নির্বাচনৰ প্রচাৰৰ সামৰণিত কেদাৰনাথ দর্শন কৰিছিল৷

Featured