সাধাৰণ পৰিয়ালৰ দৰে চার্লছক ডাঙৰ–দীঘল কৰিছিল এলিজাবেথে

বিশেষ বাৰ্তা, ১১ ছেপ্টেম্বৰঃ বয়স হিচাপ কৰিলে ব্রিটিছ ৰাজপৰিয়ালৰ ইতিহাসত এয়া প্রথম ঘটনা৷ প্রায় বার্ধক্যত উপস্থিত হৈ ৭৩ বছৰ বয়সত দেশখনৰ সম্রাটৰ সিংহাসনত বহিছে চার্লছ৷ অৱশ্যে তেওঁ এতিয়া চার্লছ নহয়, ৰজা তৃতীয় চার্লছ৷ ইয়াৰ বাবে কোনো ৰাজকীয় ঘোষণাৰ প্রয়োজনো হোৱা নাই৷ ৰাজপৰিয়ালৰ নিয়ম অনুসৰি ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছত চার্লছে এই দায়িত্ব লাভ কৰিছে৷ ১৯৪৮ চনৰ ১৪ নৱেম্বৰত ছাণ্ডিংহাম ৰয়েল ইষ্টেটত জন্ম হৈছিল চার্লছৰ৷ চার্লছৰ যেতিয়া বয়স তিনি বছৰ তেতিয়া মৃত্যু হয় তেওঁৰ ককাক ৰজা ষষ্ঠ জর্জৰ৷ ৰাণী দ্বিতীয় এলিজাবেথে প্রথম সন্তান চার্লছক ডাঙৰ–দীঘল কৰাৰ ক্ষেত্রত ৰাজপৰিয়ালৰ বহু প্রথা ভাঙিছিল৷ প্রাসাদত কোনো শিক্ষক নাৰাখি বাহিৰৰ স্কুলত পঢ়িবলৈ পঠিওৱা হৈছিল চার্লছক৷ অন্য সাধাৰণ পৰিয়ালৰ সন্তানৰ দৰে চার্লছক ডাঙৰ–দীঘল কৰিছিল ৰাণী এলিজাবেথে৷ কিন্তু পৰৱর্তী সময়ত ৰাজপৰিয়ালত ৰাণীয়ে এই পৰম্পৰা ভঙাৰ নিয়ম অক্ষত ৰাখিব নোৱাৰিলে৷ ৰাণীৰ বাবেই ১৯৮১ চনত ডায়েনাৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ সক্ষম হৈছিল চার্লছ৷ ডায়েনাক ব্রিটেইনত সাধাৰণ মানুহৰ ৰাজকুমাৰী আখ্যা দিয়া হৈছিল৷

Featured