ইউক্রেইনৰ সংকট বিশ্বৰ মানৱতাৰ বাবে বিপদঘণ্টাঃ চীনৰ ৰাষ্ট্রপতি ঝি জিনপিং

বিশেষ বাৰ্তা, ২৪ জুনঃ ইউক্রেইনৰ সমস্যাক লৈ তাৎপর্যপূর্ণ মন্তব্য কৰিছে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে৷ ৰাছিয়াৰ অন্যতম সহযোগী চীনৰ ৰাষ্ট্রপতিগৰাকীয়ে ইউক্রেইন সমস্যাক লৈ পৰোক্ষভাৱে ইউৰোপ আৰু আমেৰিকাক দোষাৰোপ কৰিছে৷ সামৰিক ক্ষেত্রত ইউক্রেইনক ইউৰোপ আৰু আমেৰিকাই সহায় কৰি পৰিস্থিতি অধিক জটিল কৰি তুলিছে বুলি উল্লেখ কৰে ঝি জিনপিঙে৷ নেতাগৰাকীয়ে এই কথাও উল্লেখ কৰে যে ইউক্রেইনৰ সমস্যা বিশ্ব মানৱতাৰ বাবে বিপদঘণ্টা৷ চীনৰ চৰকাৰী সংবাদ মাধ্যম জিনহুৱাৰ প্রতিবেদন অনুসৰি ইউক্রেইনৰ শক্তি বৃদ্ধিৰ জোঁটবন্ধনেই এতিয়া দেশখনৰ ভৱিষ্যতলৈ মাতি আনিছে অন্ধকাৰ৷ জিনপিঙে এই কথাও উল্লেখ কৰে যে অন্যৰ পথ বন্ধ কৰিবলৈ গ’লে শেষত নিজৰ পথো অৱৰুদ্ধ হৈ পৰে৷ অর্থাৎ ৰাছিয়াক কোনো দোষাৰোপ নকৰাকৈ ইউক্রেইন সংকট মানৱতাৰ বাবে ভয়াৱহ বুলি মন্তব্য কৰিছে নেতাগৰাকীয়ে৷

Featured