ৰাৱণ, কংস, ঔৰংগজেব, বাবৰ কোনেও সনাতন ধৰ্ম ধ্বংস কৰিব নোৱাৰিলে- যোগী আদিত্যনাথ

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰ : ‘ৰাৱণ, কংস, বাবৰ, ঔৰংগজেৱ সকলোৱে পৰম্পৰাগত ধৰ্ম ধ্বংস কৰিব বিচাৰিছিল। কিন্তু সনাতন ধৰ্মক কোনেও ধ্বংস কৰিব পৰা নাছিল। গতিকে ক্ষমতালোভী পৰজীৱীয়ে চেষ্টা কৰিলেও সনাতন ধৰ্মৰ অন্ত পেলাব নোৱাৰে।’ সনাতন ধৰ্ম বিতৰ্কত প্ৰথমবাৰৰ বাবে এই মন্তব্য কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। প্ৰসংগক্ৰমে উল্লেখ্য যে তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনৰ পুত্ৰ উদয়নিধিয়ে সনাতন ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। জন্মাষ্টমী উপলক্ষে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। তাত তেওঁ কয়- “সনাতন ধৰ্ম আচলতে সূৰ্য্যৰ দৰে শক্তিৰ উৎস। আনকি ৫০০ বছৰ আগতেও সনাতন ধৰ্মক অপমান কৰাৰ প্ৰয়াস হৈছিল। কিন্তু আজি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে। বিৰোধীয়ে দেশৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰিলেও তেওঁলোক সফল নহ’ব।” যোগীয়ে লগতে কয়- “সনাতন ধৰ্মক অপমান কৰিবলৈ যোৱাসকল নিজেই ধ্বংস হৈ যায়। ৰাৱণৰ অহংকাৰ, কংসৰ অহংকাৰ, বাবৰ-ঔৰংগজেবৰ অত্যাচাৰ- একোৱেই পৰম্পৰাগত ধৰ্মৰ অন্ত পেলাব পৰা নাছিল। গতিকে এই ক্ষমতালোভী পৰজীৱীবোৰে পৰম্পৰাগত ধৰ্ম ধ্বংস কৰাৰ কথা কেনেকৈ ভাবিছে? পাহৰি নাযাব- পৰম্পৰাগত ধৰ্ম আচলতে চিৰন্তন সত্য। ইয়াক ধ্বংস কৰিব নোৱাৰি।”

Featured