দংশনৰ প্রতিশোধ : যুৱকৰ কামোৰত মৃত্যু বিষাক্ত সাপৰ

🔹 বিহাৰৰ নাভাদাৰ ঘটনাক লৈ ব্যাপক চর্চা

বিশেষ বাৰ্তা, ৫ জুলাই : বিহাৰত সাপে খোঁটাৰ পাছত ওলোটাই সাপক কামোৰ দিলে এজন যুৱকে৷ এবাৰ নহয়, দুবাৰকৈ সাপক কামুৰিলে যুৱকজনে৷ সন্তোষ লোহাৰ নামৰ এই যুৱকজনৰ কামোৰত মৃত্যু হ’ল সাপডালৰ৷ বিহাৰৰ নাভাদাত ৰে’ল লাইনত কাম কৰি আছিল শ্রমিকসকলে৷ এই শ্রমিকসকলৰ ভিতৰৰে এজন হৈছে ৩৫ বছৰীয়া সন্তোষ৷ দিনটোৰ কাম শেষ কৰি নিজৰ বেছ কেম্পত শুই আছিল সন্তোষে৷ হঠাতে সন্তোষৰ হাতত আহি কামোৰে বিষাক্ত সাপ এডালে৷ লগে লগে সাপডালক ধৰি লৈ দুবাৰ কামুৰি দিয়ে সন্তোষে৷ ইয়াৰ পাছতে বিষাক্ত সাপডালৰ মৃত্যু হয়৷ তাৎক্ষণিকভাৱে হাস্পতাললৈ লৈ যোৱা হয় সন্তোষক৷ হাস্পতালত চিকিৎসাধীন সন্তোষৰ শাৰীৰিক অৱস্থাৰ দ্রুত উন্নতি ঘটে৷ পিছদিনাখন হাস্পতালৰ পৰা সন্তোষক ঘৰলৈ যাবলৈ দিয়া হয়৷ কিন্তু কিয় সাপক কামোৰ দিয়াৰ ধাৰণাটো আহিল সন্তোষৰ, তাক লৈ বিভিন্ন মহলত চর্চা চলিছে৷ সন্তোষে উল্লেখ কৰে যে তেওঁৰ নিজৰ এক অন্ধবিশ্বাস আছিল৷ তেওঁ ভাবিছিল যে সাপক কামুৰি দিলে সাপৰ বিষৰ ক্ষমতা নোহোৱা হয়৷ লক্ষণীয়ভাৱে উত্তৰ প্রদেশৰ অন্য এক ঘটনা শেহতীয়াকৈ বিভিন্ন মহলৰ নজৰলৈ আহিছিল৷ দুমাহৰ ভিতৰত এগৰাকী ব্যক্তিক পাঁচবাৰকৈ সাপে দংশন কৰাৰ পাছতো এই ব্যক্তিগৰাকী এতিয়াও সুস্থ অৱস্থাত আছে৷

Featured