বার্বাডোজৰ পিটচৰ মাটি খালে ৰোহিত শর্মাই

বিশেষ বাৰ্তা, ৩০ জুন : বিশ্বকাপ জয়ৰ পিছত দলৰ অধিনায়ক, ক্রিকেটাৰসকলে বিভিন্ন ধৰণে উদযাপন কৰে বিজয়োল্লাস৷ কিন্তু অভিনৱ পদ্ধতিৰে বিশ্ব বিজয় পালন কৰিলে ৰোহিত শর্মাই৷ ১১ বছৰ পিছত অধিনায়ক হিচাপে দেশক আই চি চি ট্রফী উপহাৰ দিয়াৰ পিছত বার্বাডোজৰ কেনছিংটন অভেলৰ পিটচৰ মাটি খালে ৰোহিতে৷ আইচিচিয়ে এটি ভিডিঅ’ পোষ্ট কৰিছে৷ তাত ৰোহিতক পিটচৰ পৰা মাটি আনি মুখত লোৱা দেখা গৈছে৷ এবাৰ নহয়, একেৰাহে দুবাৰ এনে কৰা দেখা যায় ভাৰতীয় অধিনায়কগৰাকীক৷ ইয়াৰ পৰাই সহজে বুজিব পাৰি এই বিজয় তেওঁৰ বাবে কিমান স্পেচিয়েল৷ মেচৰ পিছত তেওঁ আন্তর্জাতিক টি–২০ ক্রিকেটৰ পৰা অৱসৰৰ কথাও ঘোষণা কৰে৷ তেওঁ কয়– এইখনেই মোৰ শেষ টি–২০ মেচ আছিল৷ টি–২০ বিশ্বকাপ জয় মোৰ ক্রিকেট জীৱনৰ শ্রেষ্ঠ মুহূর্ত৷

Featured