টেষ্ট ৰেংকিঙত পতন ৰোহিত শর্মা–বিৰাট কোহলিৰ

🔹 ষষ্ঠ স্থানলৈ উন্নীত ঋষভ পণ্ট, অলৰাউণ্ডাৰৰ শীর্ষত জাদেজা

নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : প্রায় দুবছৰৰ মূৰত টেষ্ট ক্রিকেটলৈ প্রত্যাৱর্তন কৰিয়েই আইচিচি টেষ্ট ৰেংকিঙৰ বেটিং শাখাৰ শীর্ষ দহত স্থান লাভ কৰিলে টীম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ–বেটাৰ ঋষভ পণ্টে৷ আইচিচিৰ সদ্যপ্রকাশিত টেষ্ট ৰেংকিঙৰ বেটাৰ শাখাৰ ষষ্ঠ স্থানলৈ উন্নীত হৈছে পণ্ট৷ বাংলাদেশৰ বিপক্ষে চেন্নাইত খেলা প্রথমখন টেষ্টৰ দ্বিতীয় ইনিংছত দর্শনীয় শতকীয় ইনিংছ খেলাৰ সুবাদত পণ্টে ষষ্ঠ স্থানটো অধিকাৰ কৰে৷ টেষ্টখনৰ প্রথম ইনিংছত ৩৯ ৰানৰ অৱদান আগবঢ়োৱা পণ্টৰ সম্প্রতি ৰেংকিং পইণ্ট হ’ল ৭৩১৷ ইপিনে, সতীর্থ যশস্বী জয়ছোৱাল পঞ্চম স্থানলৈ উন্নীত হৈছে৷ চেন্নাই টেষ্টৰ প্রথম ইনিংছত অর্ধশতকীয় ইনিংছ খেলাৰ সুবাদত জয়ছোৱালে ৭৫১ ৰেটিং পইণ্টেৰে পঞ্চম স্থানটো অধিকাৰ কৰে৷ ইংলেণ্ডৰ জ’ ৰুটে শীর্ষস্থান অধিকাৰ কৰি থকা বেটিং শাখাত স্থানৰ পতন ঘটিছে টীম ইণ্ডিয়াৰ দুই তাৰকা খেলুৱৈ ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ৷ চেন্নাই টেষ্টত দুর্বল ফর্ম দাঙি ধৰাৰ বাবেই পঞ্চম স্থানৰ পৰা দশম স্থানলৈ অৱনমিত হৈছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মা৷ চেন্নাই টেষ্টত ৰোহিতে মাত্র ৬ আৰু ৫ ৰানহে কৰিবলৈ সক্ষম হৈছিল৷ ইফালে, চেন্নাই টেষ্টৰ দুয়োটা ইনিংছত মাত্র ২৩ ৰান সংগ্রহ কৰা কোহলিয়ে পাঁচটা স্থান পিছুৱাই দ্বাদশ স্থানলৈ অৱনমিত হৈছে৷ আনহাতে, শুভমন গিলে পাঁচটা স্থান আগুৱাই চতুর্দশ স্থানটো অধিকাৰ কৰিছে৷ বেটিং শাখাত নিউজিলেণ্ডৰ কেন উইলিয়ামছন দ্বিতীয় আৰু ডাৰিল মিচেল তৃতীয় স্থানত আছে৷ ইফালে, বলিং শাখাত টীম ইণ্ডিয়াৰ ৰবিচন্দ্রন অশ্বিনে শীর্ষ স্থানটো অধিকাৰ কৰি থকাৰ বিপৰীতে সতীর্থ যশপ্রীত বুমৰাহ দ্বিতীয় স্থানত আছে৷ আনহাতে, টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাই অলৰাউণ্ড শাখাৰ শীর্ষ স্থানটো দখল কৰিবলৈ সক্ষম হৈছে৷ চেন্নাই টেষ্টত বেটিং আৰু বলিং উভয়তে দাঙি ধৰা চমকপ্রদ প্রদর্শনৰ বাবে জাদেজাই শীর্ষ স্থানটো অধিকাৰ কৰে৷ এই শাখাত টীম ইণ্ডিয়াৰে ৰবিচন্দ্রন অশ্বিনে দ্বিতীয় স্থানটো অধিকাৰ কৰি আছে৷

Featured