১০০ কোটি ফ’ল’ৱার্ছ : বিশ্বৰ প্রথম ব্যক্তি হিচাপে নজিৰ ৰ’নাল্ডোৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ছেপ্টেম্বৰঃ বিশ্বৰ অন্যতম সফল ফুটবল খেলুৱৈ ক্রিষ্টিয়ানো ৰ’নাল্ডো খেলপথাৰৰ লগতে বাহিৰতো অভিলেখ ভংগ কৰাৰ বাবে জনাজাত৷ পর্তুগালৰ ফুটবল তাৰকাগৰাকীয়ে পুনৰ এবাৰ ৰচিলে ইতিহাস৷ সকলো প্রকাৰৰ সামাজিক মাধ্যমৰ প্লেটফর্মত ১ বিলিয়ন ফ’লৱার্ছ লাভ কৰা বিশ্বৰ প্রথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হৈছে ৰ’নাল্ডো৷ ৰ’নাল্ডো হৈছে ইনষ্টাগ্রামত আটাইতকৈ বেছি ফ’লৱার্ছ থকা ব্যক্তি৷ ৰ’নাল্ডোৰ ইনষ্টাগ্রামত আছে ৬৩৯ মিলিয়নতকৈও অধিক ফ’লৱার্ছ৷ ফেচবুকত আজিৰ তাৰিখত ৰ’নাল্ডোৰ ১৭০ মিলিয়নতকৈও অধিক ফ’লৱার্ছ আছে৷ আনহাতে, অন্যতম সামাজিক মাধ্যম এক্সত ৰ’নাল্ডোৰ ১১৩ নিযুতৰো অধিক ফ’লৱার্ছ আছে৷ৰ’নাল্ডোৱে শেহতীয়াকৈ মুকলি কৰিছিল এটা ইড টিউব চেনেল, যাৰ নাম ‘ইউআৰ ক্রিষ্টিয়ানো’৷ চেনেলটোৱে মুকলিৰ এসপ্তাহৰ ভিতৰত লাভ কৰে ৫০ মিলিয়ন গ্রাহক৷ ইড টিউবত এক মিলিয়ন গ্রাহকৰ সংখ্যা স্পর্শ কৰিবলৈ তেওঁক প্রয়োজন হৈছিল মাত্র ৯০ মিনিট সময়৷ জনপ্রিয় ফুটবল তাৰকাগৰাকীয়ে এই খবৰ ঘোষণা কৰি সামাজিক মাধ্যম এক্সত লিখিছিল এনেদৰে, ‘আমি ইতিহাস সৃষ্টি কৰিছো– এক বিলিয়ন অনুসৰণকাৰী এইটো কেৱল এটা সংখ্যা নহয় – ই আমাৰ খেল আৰু তাৰ বাহিৰৰ প্রতি থকা আবেগ, আবেগ আৰু মৰমৰ এক প্রমাণ’৷ ‘মাদেইৰাৰ ৰাজপথৰ পৰা পৃথিৱীৰ সর্ববৃহৎ পর্যায়লৈকে, মই সদায় মোৰ পৰিয়াল আৰু আপোনালোকৰ হৈ খেলি আহিছো৷ এতিয়া আমাৰ ওচৰত এক বিলিয়ন লোক একেলগে থিয় হৈ আছে৷ আপোনালোক সকলো উত্থান–পতনৰ মাজেৰে প্রতিটো পদক্ষেপতে মোৰ সৈতে আছে৷ এই যাত্রাটো আমাৰ যাত্রা আৰু আমি একেলগে দেখুৱাইছো যে, আমি কি লাভ কৰিব পাৰো, তাৰ কোনো সীমা নাই’৷ ৰ’নাল্ডোৱে এই পোষ্টটোত তেওঁৰ সকলো অনুৰাগীক ধন্যবাদ জনাইছে৷ ‘মোৰ ওপৰত বিশ্বাস কৰাৰ বাবে, আপোনালোকৰ সমর্থনৰ বাবে আৰু মোৰ জীৱনৰ অংশ হোৱাৰ বাবে আপোনালোকক ধন্যবাদ৷ সর্বশ্রেষ্ঠটো এতিয়াও আহিবলৈ বাকী আছে’৷ সামাজিক মাধ্যমৰ ৰেকর্ডৰ উপৰিও ৰ’নাল্ডোৱে আন এটা বৃহৎ অভিলেখ গঢ়ি তুলিছে৷ সেয়া হৈছে, কেইদিনমান পূর্বে তেওঁ কেৰিয়াৰৰ ৯০০ টা গ’ল প্রদানকাৰী প্রথমগৰাকী ফুটবলাৰত পৰিণত হৈছিল৷

Featured