যৌনকর্মীয়ে লাভ কৰিব পেন্সন–বীমা–মাতৃত্বকালীন ছুটী

🔹 সংসদত নতুন ‘শ্রম আইন’ৰ সপক্ষত ভোটদান

বিশেষ বাৰ্তা, ১০ মে’ : যৌনকর্মীসকলে লাভ কৰিব পেন্সন৷ যৌনতাক বৃত্তি হিচাপে গ্রহণ কৰা লোকসকলৰ বীমা নিশ্চিত কৰা হ’ব৷ ইয়াৰ উপৰি যৌনকর্মীক দিয়া হ’ব মাতৃত্বকালীন ছুটী৷ ইউৰোপীয় দেশ বেলজিয়ামত নতুন ‘শ্রম আইন’ প্রণয়ন কৰি যৌনকর্মীসকলক সুৰক্ষা প্রদানৰ সিদ্ধান্ত লোৱা হৈছে৷ নিয়োগ ক্ষেত্রত জড়িত যৌনকর্মীসকলে এই সুবিধা লাভ কৰিব বেলজিয়ামত৷ বিশ্বৰ ভিতৰতে যৌনকর্মীসকলক এই সুবিধা প্রদান কৰা প্রথমখন দেশ হিচাপে চিহ্ণিত হৈছে বেলজিয়াম৷ ‘দ্য টেলিগ্রাফ’ৰ প্রতিবেদন অনুসৰি, বেলজিয়ামৰ সংসদত যোৱা সপ্তাহত নতুন ‘শ্রম আইন’ প্রণয়ন কৰা হৈছে৷ এই আইনৰ সপক্ষত ৯৩গৰাকী সাংসদে ভোটদান কৰাৰ বিপৰীতে ৩৩গৰাকী সাংসদ ভোটদানৰ পৰা বিৰত থাকে৷ উল্লেখনীয় যে বিপক্ষে এগৰাকীও সাংসদে ভোটদান কৰা নাছিল৷ স্মর্তব্য যে ২০২২ চনত বেলজিয়াম ইউৰোপৰ প্রথমখন দেশ হিচাপে স্ব–নিয়োজিত যৌনতাৰ বৃত্তিক অপৰাধমুক্ত বুলি ঘোষণা কৰিছিল৷ এই নতুন আইন অনুসৰি যৌনকর্মীসকলে স্বাস্থ্য বীমাৰ সুযোগ লাভ কৰিব৷ ইয়াৰ উপৰি তেওঁলোকক উপযুক্ত বয়সত প্রদান কৰা হ’ব অৱসৰকালীন ভাট্টা বা পেন্সন৷ সেইদৰে কোনো যৌনকর্মী নিবনুৱা হৈ থাকিলে কর্মীগৰাকী তথা তেওঁৰ পৰিয়ালে লাভ কৰিব বিভিন্ন সা–সুবিধা৷ চৰকাৰী কর্মচাৰীৰ লগতে অন্যান্য উৎপাদন ক্ষেত্রত জড়িত শ্রমিকৰ দৰে তেওঁলোকেও সাপ্তাহিক ছুটী লাভ কৰিব৷ ইয়াৰ উপৰি মাতৃত্বকালীন ছুটীৰ সুযোগো লাভ কৰিব যৌনকর্মীসকলে৷ উল্লেখনীয় যে যৌনকর্মী এগৰাকীয়ে নিজৰ ইচ্ছা নাথাকিলে কোনো লোকে তেওঁক যৌনতাৰ বাবে নতুন আইন অনুসৰি বাধ্য কৰাব নোৱাৰিব৷ অর্থাৎ নতুন এই ‘শ্রম আইন’ অনুসৰি যৌনকর্মীসকলক বেলজিয়ামে অন্যান্য উৎপাদন ক্ষেত্রত জড়িত শ্রমিকসকলৰ দৰে অধিকাৰ প্রদান কৰিছে৷ ইউৰোপীয় দেশখনত এই নতুন আইন প্রণয়নৰ পাছতে বিশ্বৰ সংবাদ মাধ্যমত বিষয়টোক লৈ সৃষ্টি হৈছে আলোড়ন৷

Featured