পাপাৰাজি : শ্রুতি হাছান–শান্তনুৰ চাৰি বছৰীয়া সম্পর্কত ফাট

বিশেষ বাৰ্তা, ২৮ এপ্রিল : চেলিব্রিটীৰ সম্পর্কত ফাট মেলা কিম্বা বিবাহ বিচ্ছেদ ঘটাটো প্রায় স্বাভাৱিক ঘটনাই বুলি ক’ব পাৰি৷ স্বাভাৱিক যদিও চেলিব্রিটীৰ এনে সম্পর্কত ফাট মেলা ঘটনাই ব্যাপক চর্চা লাভ কৰে৷ শেহতীয়াভাৱে বলীউডৰ অভিনেত্রী শ্ৰুতি হাছান আৰু অসম-সন্তান শান্তনু হাজৰিকাৰ চাৰি বছৰীয়া সম্পর্কতো ফাট মেলিছে৷ চাৰি বছৰ ধৰি একেলগে বসবাস কৰি থকা শ্রুতি হাছান আৰু শান্তনু হাজৰিকাৰ সম্পর্কত ফাট মেলা বুলি পাপাৰাজিয়ে প্রকাশ কৰিছে৷ চেলিব্রিটীয়ে সম্পর্ক গঢ়া আৰু সম্পর্কত ফাট মেলা সন্দর্ভত পাপাৰাজিয়ে অতি গোপন তথ্যসমূহ পোহৰলৈ অনাত সিদ্ধহস্ত৷ এনে কাৰণতে পাপাৰাজিয়ে শ্রুতি হাছান আৰু শান্তনু হাজৰিকাৰ সম্পর্কত ফাট মেলা বিষয়টো প্রচাৰ কৰাত ই প্রায় সত্য বুলি চর্চিত হৈছে৷ সম্পর্কত ফাট মেলা সন্দর্ভত অভিনেত্রী শ্রুতি হাছানক বিভিন্ন সংবাদ মাধ্যমৰ লোকে প্রশ্ণ কৰাত এই সন্দর্ভত অভিনেত্রীগৰাকীয়ে একান্ত ব্যক্তিগত বুলি আঁতৰি ফুৰিছে যদিও অভিনেত্রীগৰাকীয়ে ‘বয়ফ্রেণ্ড’ শান্তনু হাজৰিকাৰ সকলো ফটো ইনষ্টাগ্রামৰ পৰা আঁতৰাই দিছে৷ এই তথ্যই সম্পর্কত ফাট মেলাৰ ইংগিত দিছে৷

Featured