কানাডাত পাহাৰত খুন্দিয়াই বিধ্বস্ত হ’ল বিমান, প্ৰাণহানি ৬জনৰ

বিশেষ বাৰ্তা, ৩০ জুলাই : পাহাৰত খুন্দা খাই বিমান বিধ্বস্ত হ’ল কানাডাত ৷ দুর্ঘটনাত পাইলটসহ বিমানত থকা আটাইকেইগৰাকী যাত্রীৰ মৃত্যু হৈছে ৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, পাইলটৰ উপৰি বিমানখনত যাত্রী হিচাপে আছিল পাঁচগৰাকী লোক ৷ দুর্ঘটনাত আটাইকেইজন নিহত হোৱা বুলি সংবাদ মাধ্যমে প্রকাশ কৰিছে ৷ দেশখনৰ আলবের্টা প্রদেশৰ কালগাৰি চহৰত সংঘটিত হৈছে এই দুর্ঘটনা ৷ কানাডাৰ আৰক্ষীয়ে সদৰী কৰা অনুসৰি, শুকুৰবাৰে নিশা স্প্রিবেংক বন্দৰৰ পৰা বিমানখনে যাত্রা আৰম্ভ কৰিছিল ৷ গন্তব্যস্থল আছিল ব্রিটিছ কলম্বিয়াৰ ছালমন আৰম ৷ কালগাৰিৰ পৰা ৬০ কিলোমিটাৰ পশ্চিমত অৱস্থিত পাহাৰ মাউণ্ট বোগার্টত বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হয় ৷ দুর্ঘটনাত বিমানখন সম্পূর্ণৰূপে বিধ্বস্ত হোৱা বুলি আৰক্ষী সূত্রই সংবাদ মাধ্যমক জনাইছে ৷ তাৎক্ষণিকভাৱে যাত্রীসকলৰ পৰিচয় সদৰী কৰা নাই আৰক্ষীয়ে৷

Featured