প্রধানমন্ত্রীৰ চৰকাৰী বাসভৱনত পুৱাৰ আহাৰ গ্রহণ টীম ইণ্ডিয়াৰ

🔹 প্রধানমন্ত্রীৰে ঘণ্টাজোৰা বার্তালাপ ৰোহিত বাহিনীৰ

বিশেষ বাৰ্তা, ৪ জুলাই : তিনিদিনীয়া অপেক্ষাৰ অন্তত আজি নতুন দিল্লীত উপস্থিত হয় টি–২০ বিশ্বকাপ ক্রিকেট বিজয়ী টীম ইণ্ডিয়া৷ বার্বাডোজত বিশ্বকাপ জয়ৰ পাছত হাৰিকেন বেৰিলৰ বাবে তিনি দিন ধৰি আবদ্ধ হৈ থকা ভাৰতীয় ক্রিকেট দলটোক বিশেষ চার্টার্ড বিমানেৰে নতুন দিল্লীলৈ অনা হয়৷ আজি পুৱা নতুন দিল্লীৰ বিমানবন্দৰত বিশেষ চার্টার্ড বিমানেৰে টি–২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোৱে অৱতৰণ কৰাৰ পাছতেই আইটিচি মৌর্য হোটেলত বিশ্রামৰ বাবে কিছু সময় ৰখাৰ অন্তত বিশেষ বাহনেৰে ৰোহিত শর্মা নেতৃত্বাধীন ক্রিকেট দলটো প্রধানমন্ত্রীৰ নতুন দিল্লীৰ ৭ লোককল্যাণ মার্গস্থিত চৰকাৰী বাসভৱনত উপস্থিত হয়৷ বিশ্বকাপ বিজয়ী দলটোক স্বাগতম আৰু অভিনন্দন জনাবলৈ আয়োজন কৰা অনুষ্ঠানত পুৱাৰ আহাৰ যোগাৰ কৰা হয়৷ বিশ্বকাপ বিজয়ী দলটোৱে পুৱাৰ আহাৰে গ্ৰহণ কৰাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰে ঘণ্টাজোৰা বার্তালাপ কৰে৷ টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাৰ পৰা বিৰাট কোহলি, বুমৰাহৰ পৰা সূর্যকুমাৰ যাদৱকে ধৰি বিজয়ী দলটোৰ সদস্যৰ সৈতে বাৰ্তালাপত মিলিত হয় প্রধানমন্ত্রী মোদী৷ দলটোৰ প্রশিক্ষক ৰাহুল দ্রাবিড় আৰু বিজয়ী দলটোৰ সদস্যৰ সৈতে হাস্যবদনে প্রধানমন্ত্রী মোদীয়ে বার্তালাপ কৰি প্রতিগৰাকী খেলুৱৈৰ সৈতে মধুৰ মুহূর্ত কটায়৷ বিশ্বকাপ বিজয়ৰ বাবে টীম ইণ্ডিয়াক অভিনন্দন জ্ঞাপন কৰে প্রধানমন্ত্রী মোদীয়ে৷ আজি পুৱা বিচিচিআইৰ সচিব জয় শ্বাহো ভাৰতীয় ক্রিকেট দলটোৰ সৈতে বার্বাডোজৰ পৰা নতুন দিল্লীলৈ আহে৷ প্রধানমন্ত্রীৰ বাসভৱনত টীম ইণ্ডিয়াক অভিনন্দন জনোৱা অনুষ্ঠানটোত বিচিচিআইৰ সচিব শ্বাহৰ লগতে অধ্যক্ষ ৰ’জাৰ বিন্নীও উপস্থিত থাকে৷ ভাৰতীয় দলটোৱে চেম্পিয়ন লিখা জার্ছী পৰিধান কৰি প্রধানমন্ত্রীৰ বাসভৱনত উপস্থিত হোৱাৰ পাছত সকলো খেলুৱৈৰ সৈতে হাঁহি মুখে বার্তালাপ কৰে মোদীয়ে৷ মন কৰিবলগীয়া যে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰত টার্মিনেল–৩ৰ বাহিৰত কেইবাসহস্ৰ ক্রিকেট অনুৰাগীয়ে বিশ্বকাপ বিজয়ী দলটোক স্বাগতম জনায়৷ ক্রিকেট খেলুৱৈসকলেও অনুৰাগীসকলক উৎসাহ যোগাই হাত জোকাৰি অভিবাদন জনায়৷ বিমানবন্দৰৰ ভিতৰত ক্রিকেটাৰ বিৰাট কোহলিয়ে অনুৰাগীৰ সৈতে ক্ষণিক বার্তালাপৰ সমান্তৰালকৈ ফটোগ্রাফাৰক ফটো তুলিবলৈ সুযোগ দিয়ে৷ ইপিনে, প্রধানমন্ত্রীৰ বাসভৱনত ঘণ্টাজোৰা সময় কটাই বিশ্বকাপ বিজয়ী দলটো মুম্বাই অভিমুখে ৰাওনা হয়৷ মুম্বাইত বিশ্বকাপ বিজয়ী দলটোক ৱাংখেড়ে ষ্টেডিয়ামত আনুষ্ঠানিকভাৱে সম্বর্ধনা জনোৱা হয়৷

 

Featured