বিশ্ব জিনি কাইলৈ স্বদেশত টীম ইণ্ডিয়া

🔹 বৃহস্পতিবাৰে পুৱা প্রধানমন্ত্রীৰে ব্রেকফাষ্ট ৰোহিত বাহিনীৰ

🔹 হুড খোলা বাছত কঢ়িয়াই নিব বিশ্বকাপৰ ট্রফী

🔹 মুম্বাইৰ নৰিমান পইণ্ট–ৱাংখেড়েলৈ বিজয় যাত্রা

বিশেষ বাৰ্তা, ৩ জুলাই : বিশ্ব জয়ৰ ১০৫ ঘণ্টা পিছত স্বদেশলৈ ৰাওনা হ’ল ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়া৷ শনিবাৰে টি–২০ বিশ্বকাপত চেম্পিয়ন হোৱাৰ পিছৰে পৰা বার্বাডোজত আবদ্ধ হৈ আছিল ভাৰতীয় দলটো৷ হাৰিকেন বেৰিলৰ তাণ্ডৱৰ বাবে বার্বাডোজত সকলো বিমান বাতিল কৰা হৈছিল৷ ফলত ভাৰতীয় দলটোৰ স্বদেশলৈ অহাৰ সকলো পথ বন্ধ হৈ পৰিছিল৷ অৱশেষত চাৰি দিনৰ অপেক্ষাৰ অন্তত বার্বাডোজৰ পৰা বিশেষ বিমানেৰে আজি ভাৰতলৈ ৰাওনা হয় বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়া৷ ভাৰতীয় দলটোক বার্বাডোজৰ পৰা ওভতাই অনাৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে এক বিশেষ বিমানৰ ব্যৱস্থা কৰিছিল আৰু এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানখন মঙলবাৰে বার্বাডোজত উপস্থিত হৈছিল৷ ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা ৰোহিত বাহিনীয়ে বিশেষ বিমানখনেৰে ভাৰতলৈ ৰাওনা হোৱাৰ কথা আছিল যদিও সেয়া সম্ভৱ নহ’ল৷ ফলত কিছু পলমকৈ দেশত উপস্থিত হ’ব ভাৰতীয় দলটো৷ বৃহস্পতিবাৰে পুৱা ৬ বজাত ভাৰতীয় দলটো নতুন দিল্লীত উপস্থিত হ’ব৷ দিল্লীত উপস্থিত হোৱাৰ পিছতে বিশ্ব চেম্পিয়ন ভাৰতীয় দলটোৰে সাক্ষাৎ হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ দিল্লীত ৰোহিত বাহিনীৰ সৈতে ব্রেকফাষ্ট কৰিব প্রধানমন্ত্রী মোদীয়ে৷ ইয়াৰ পিছতে ভাৰতীয় দলটো মুম্বাইলৈ ৰাওনা হ’ব৷ স্বদেশত উপস্থিত হোৱাৰ পিছতে দিনটোৰ ভিতৰতে বিশ্ব চেম্পিয়ন দলটোক লৈ বিভিন্ন কার্যসূচী অনুষ্ঠিত হ’ব বুলি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ উপ–সভাপতি ৰাজীৱ শুক্লাই সদৰী কৰিছে৷ পুৱা ৬ বজাত ভাৰতীয় দলটো কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানখন দিল্লী বিমানবন্দৰত অৱতৰণ কৰিব৷ বিমানবন্দৰৰ পৰা খেলুৱৈসকলে দিল্লীৰ এখন হোটেললৈ ৰাওনা হ’ব আৰু তাত কিছু সময় জিৰণি ল’ব৷ পুৱা ১১ বজাত প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰিব ভাৰতীয় দলটোৱে৷ প্রধানমন্ত্রীয়ে ৰোহিত বাহিনীক ব্রেকফাষ্টৰ বাবে আমন্ত্রণ জনাইছে৷ ইয়াৰ পিছতে ভাৰতীয় দলটোৱে এখন বিশেষ বিমানেৰে মুম্বাইলৈ ৰাওনা হ’ব৷ বিয়লি ৪ বজাত মুম্বাইত উপস্থিত হৈ ভাৰতীয় দলটোৱে এখন হোটেললৈ যাব আৰু তাতেই বিশ্বকাপ জয়ৰ মূল ইভেণ্টৰ বাবে প্রস্তুতি চলাব৷ সন্ধিয়া ৫ বজাত মুম্বাইৰ নৰিমান পইণ্টৰ পৰা আৰম্ভ হ’ব বিজয় যাত্রা৷ ৰোহিত শর্মা, বিৰাট কোহলিকে ধৰি আটাইকেইগৰাকী খেলুৱৈয়ে হুড খোল বাছত কঢ়িয়াই নিব বিশ্বকাপৰ ট্রফী৷ এই বিজয় যাত্রা ৱাংখেড়ে ষ্টেডিয়ামলৈ চলিব৷ সন্ধিয়া ৭ বজাত ৱাংখেড়ে ষ্টেডিয়ামত আৰম্ভ হ’ব এক সম্বর্ধনা অনুষ্ঠান৷ বিচিচিআইৰ বিষয়াসকলে চেম্পিয়ন ভাৰতীয় দলটোক পুৰস্কাৰ হিচাপে ১২৫ কোটি টকা প্রদান কৰিব আৰু দলটোক সম্বর্ধনা জনাব৷ এই অনুষ্ঠানতে অধিনায়ক ৰোহিত শর্মাই টি–২০ বিশ্বকাপৰ ট্রফী ব’ৰ্ডৰ সচিবক অর্পণ কৰিব৷

Featured