৩১ বছৰীয়া সুন্দৰী লুমৰে ‘বহুগামী’ ট্রাম্পৰ প্রেম

🔹 পত্নীৰে বিচ্ছেদ ঘটিব প্রাক্তন মার্কিন ৰাষ্ট্রপতিৰ!

নিউজ ডেস্ক, ১৬ ছেপ্টেম্বৰ : বহু নাৰীৰে শাৰীৰিক সম্পর্ক প্রাক্তন মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ! ইয়াক লৈ অভিযোগৰ শেষ নাই৷ বহুগামিতাৰ বাবে বাৰে বাৰে ট্রাম্পক লৈ সৃষ্টি হৈছে বিতর্ক৷ ইয়াৰ পূর্বে পর্নতাৰকাৰ সৈতে যৌন সম্পর্ক স্থাপন কৰি আইনী মেৰপেঁচত পৰিছিল ট্রাম্প৷ আগন্তুক ৰাষ্ট্রপতি নির্বাচনৰ পূর্বে পুনৰ এবাৰ একেই বিতর্কই দেশখনৰ ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ অভিযোগ অনুসৰি, পত্নীক এৰি অন্য নাৰীৰ সৈতে সম্পর্ক গঢ়ি তুলিছে ৰাষ্ট্রপতি নির্বাচনৰ ৰিপাব্লিকান প্রার্থী ট্রাম্পে৷ ৩১ বছৰীয়া লৌৰা লুমৰ সৈতে সম্পর্কত লিপ্ত হৈছে ট্রাম্প৷ ট্রাম্প আৰু লৌৰাৰ ছবি ইতিমধ্যে বিয়পি পৰিছে সংবাদ মাধ্যমত৷ এই ঘটনাৰ পিছতে আমেৰিকাৰ জনসাধাৰণে দাবী কৰিছে যে ৰিপাব্লিকান প্রার্থীগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভুল নহয়৷ হাইভল্টেজ ৰাষ্ট্রপতি নির্বাচন উপলক্ষে ইতিমধ্যে আমেৰিকাৰ ৰাজনীতি গৰম হৈ পৰিছে৷ নির্বাচনৰ প্রচাৰ চলিছে দ্রুতগতিত৷ কিন্তু আশ্চর্যজনকভাৱে এই প্রচাৰত ট্রাম্পৰ ওচৰত দেখিবলৈ পোৱা নাই পত্নী মেলানিয়াক৷ চর্চা চলিছে যে নির্বাচন পর্ব শেষ হোৱাৰ পিছতে পত্নী মেলানিয়াৰ সৈতে বিচ্ছেদ ঘটিব পাৰে ট্রাম্পৰ৷ প্রচাৰৰ মাজতে মেলানিয়াৰ বিপৰীতে বহুতে লুমক দেখিবলৈ পাইছে ট্রাম্পৰ সৈতে৷ ৩১ বছৰ বয়সীয়া এই সুন্দৰী ৰিপাব্লিকান পার্টীৰ সক্রিয় কর্মী৷ জানিব পৰা গৈছে, প্রচাৰৰ মাজতে দুয়ো নিবিড়ভাৱে সময় পাৰ কৰিছে৷ শেহতীয়াকৈ এবিচি সংবাদ মাধ্যমৰ দ্বাৰা আয়োজিত প্রেছিডেঞ্চিয়েল ডিবেটত ট্রাম্পৰ টীমৰ লগত লুমকো দেখিবলৈ পোৱা গৈছিল৷

Featured