কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি

🔹 মোদী চৰকাৰৰ পূজাৰ উপহাৰ

বিশেষ বাৰ্তা, ১৯ অক্টোবৰ : পূজাৰ বতৰত কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীলৈ সুখবৰ৷ দুর্গোৎসৱৰ প্রাক্ক্ষণত কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীলৈ উপহাৰ মোদী চৰকাৰৰ৷ কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীৰ মৰগীয় বানচ ৪ শতাংশ বৃদ্ধিত অনুমোদন জনাইছে কেন্দ্রীয় কেবিনেটে৷ কেবিনেটৰ অন্তত সংবাদ মেলত কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে কেবিনেটত লোৱা সিদ্ধান্তসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ সিদ্ধান্ত অনুসৰি, কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী আৰু পেন্সনাৰৰ মৰগীয়া বানচ চাৰি শতাংশ বৃদ্ধি কৰা হৈছে৷ এই চাৰি শতাংশ বৃদ্ধিৰে এতিয়াৰে পৰা কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীৰ মৰগীয়া বানচ ৪২ শতাংশৰ পৰা ৪৬ শতাংশলৈ বৃদ্ধি পালে৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, ১ জুলাইৰ পৰা কর্মচাৰীৰ মৰগীয়া বানচ কার্যকৰী হ’ব৷ সপ্তম কেন্দ্রীয় দৰমহা আয়োগৰ অনুমোদিত সিদ্ধান্ত অনুসৰিয়েই কেন্দ্রীয় চৰকাৰে এই মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াৰ উপৰি ৰবি শস্যৰ ন্যূনতম সমর্থন মূল্য চমুকৈ এমএছপি বৃদ্ধিতো অনুমোদন জনায় কেবিনেটে৷ সেইমর্মে গমৰ প্রতিকুইণ্টলত ১৫০ টকা বৃদ্ধি কৰা হৈছে৷ অর্থাৎ ২০২৩–২৪ বর্ষত প্রতিকুইণ্টল গমৰ এমএছপি হ’ব ২,২৭৫ টকা৷ আনহাতে, দীপাৱলীৰ উপহাৰ হিচাপে ৰে’লৱে কর্মচাৰীলৈ ৭৮ দিনৰ দৰমহা বোনাছ হিচাপে আগবঢ়োৱাৰ সিদ্ধান্ততো অনুমোদন জনাইছে কেন্দ্রীয় কেবিনেটে৷

Featured