পেৰিছ অলিম্পিকলৈ প্ৰথম অসমীয়া পুৰুষ ফটো সাংবাদিক ৰিতুৰাজ কোঁৱৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জুলাইঃ অসমৰ অন্যতম ফটো সাংবাদিক ৰিতুৰাজ কোঁৱৰক দ্য হিন্দু গ্ৰুপে আগন্তুক পেৰিছ অলিম্পিক ২০২৪ৰ বাতৰি পৰিৱেশন কৰিবলৈ নিযুক্তি দিছে দ্য হিন্দু আৰু স্প’ৰ্টছ ষ্টাৰৰ বাবে। বৰ্তমান দ্য হিন্দুৰ জ্যেষ্ঠ বিশেষ বাতৰিৰ ফটোগ্ৰাফাৰ হিচাপে কৰ্মৰত ৰিতুৰাজ কোঁৱৰে নিয়মীয়াকৈ বিভিন্ন জনগোষ্ঠীৰ ওপৰত নিজৰ বিশেষ প্ৰকল্পৰ লগতে উত্তৰ-পূব ভাৰতৰ সামাজিক-ৰাজনৈতিক যাত্ৰাৰ বাতৰি পৰিৱেশন কৰি আহিছে। খ্যাতিসম্পন্ন ফটো সাংবাদিক হোৱাৰ বাবে তেওঁ ২০১৮ চনত স্পট নিউজ ছেকচনত ভাৰতৰ সন্মানীয় ৰামনাথ গোৱেংকা বঁটা লাভ কৰাৰ লগতে ৱৰ্ল্ড প্ৰেছৰ দ্বাৰা আয়োজিত ফটো সাংবাদিকতাৰ একচেটিয়া প্ৰশিক্ষণ কাৰ্যসূচীত তিনি বছৰৰ বাবে প্ৰশিক্ষাৰ্থী হৈছিল। গুৱাহাটীত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা, নৃতত্ত্বত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ৰিতুৰাজ কোঁৱৰে ৯০ৰ দশকৰ আৰম্ভণিতে ফটো সাংবাদিকতাক নিজৰ কেৰিয়াৰ হিচাপে বাছি লৈ উত্তৰ-পূব প্ৰক্ষেপণ কৰা বিভিন্ন স্থানীয় ভাষা আৰু আঞ্চলিক সংবাদ মাধ্যমৰ প্ৰকাশনত অৰিহণা যোগাইছিল। দ্য হিন্দু গ্ৰুপে তেওঁক দিয়া এই নতুন দায়িত্বৰ সৈতে তেওঁ হ’ব উত্তৰ-পূবৰ পৰা ২০২৪ চনৰ পেৰিছ অলিম্পিক যোৱা প্ৰথমজন পুৰুষ ক্ৰীড়া ফটোগ্ৰাফাৰ। উল্লেখ্য যে তেওঁ ২৩ জুলাইত পেৰিছলৈ ৰাওনা হ’ব।

Featured