পশ্চিমবংগত মালবাহী ৰে’লে খুন্দিয়ালে কাঞ্চনজংঘা এক্সপ্রেছত

🔹 ১৫জনৰ মৃত্যু, ২৫জনতকৈ অধিক আহত

🔹 ছিগনেল অৱজ্ঞা কৰিছিল মালবাহী ৰে’লৰ চালকে

বিশেষ বাৰ্তা, ১৭ জুন : পশ্চিমবংগৰ দার্জিলিং জিলাত আজি পুৱা এক ভয়াৱহ ৰে’ল দুর্ঘটনা সংঘটিত হয়৷ নিউ জলপাইগুৰিৰ সমীপৱর্তী ৰঙাপানী ষ্টেচনৰ ওচৰত ৰাখি থোৱা যাত্রীবাহী কাঞ্চনজংঘা এক্সপ্রেছত পিছফালৰ পৰা মালবাহী ৰে’ল এখনে প্রচণ্ড খুন্দা মৰাত ভয়াৱহ ৰে’ল দুর্ঘটনাটি সংঘটিত হৈছে৷ এই দুর্ঘটনাত অতিকমেও ১৫জন লোকে প্রাণ হেৰুওৱাৰ লগতে ২৫তকৈও অধিক লোক আহত হৈছে৷ দুর্ঘটনাটোত মালবাহী ৰে’লখনৰ লোকো পাইলটসহ তিনি কর্মচাৰীৰ লগতে ১৫জন লোকে প্রাণ হেৰুৱাইছে৷ আহত ২৫তকৈও অধিক লোকক উত্তৰবংগ চিকিৎসা মহাবিদ্যালয়ত ভর্তি কৰোৱা হৈছে৷ ঘটনাৰ বিৱৰণী মতে, উত্তৰ–পূর্বাঞ্চলৰ ত্রিপুৰাৰ আগৰতলাৰ পৰা পশ্চিমবংগৰ শিয়ালদহলৈ গৈ থকা ১৩১৭৪ কাঞ্চনজংঘা এক্সপ্রেছখন নিউ জলপাইগুৰি পাৰ হৈ ৰঙাপানী ষ্টেচনত ৰাখি থোৱা অৱস্থাত পিছপিনৰ পৰা গৈ মালবাহী ৰে’ল এখনে প্রচণ্ড জোৰে খুন্দা মাৰে৷ মালবাহী ৰে’লখনৰ খুন্দাত কাঞ্চনজংঘা এক্সপ্রেছখনৰ তিনিটা দবা বিধ্বস্ত হৈ লাইনচ্যুত হয়৷ কাঞ্চনজংঘা এক্সপ্রেছৰ পিছপিনৰ পার্ছেল দবা, গার্ডৰ দবা আৰু যাত্রীৰ দবা এটা খুন্দাত লাইনচ্যুত হোৱাৰ ফলত কেইবাজনো লোক হতাহত হয়৷ ইয়াৰে ভিতৰত ১৫জনে প্রাণ হেৰুওৱাৰ লগতে ২৫তকৈও অধিক লোক আহত হৈ চিকিৎসাধীন হৈ আছে৷ দুর্ঘটনাটো সংঘটিত হোৱাৰ পাছতে কাটিহাৰ আৰু নিউ জলপাইগুৰিৰ পৰা উদ্ধাৰকাৰী দল গৈ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়৷ ঘটনাস্থলীত চিকিৎসকৰ দল এটিও উপস্থিত হৈ আহতক পার্যমানে প্রাৰম্ভিক চিকিৎসা প্রদান কৰি পিছলৈ উন্নত চিকিৎসাৰ বাবে চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰে৷ ৰঙাপানী আৰু নিজবাৰীৰ মাজত সংঘটিত হোৱা ৰে’ল দুর্ঘটনাক  লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উদ্বেগ প্রকাশ কৰিছে৷ নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি প্রধানমন্ত্রী মোদীয়ে নিহতৰ পৰিয়াললৈ দুই লাখ টকা আৰু আহতক ৫০ হাজাৰ টকা এককালীন সাহায্য ঘোষণা কৰিছে৷ প্রধানমন্ত্রী ৰাষ্ট্রীয় দুর্যোগ পুঁজিৰ পৰা এই ধন প্রদান কৰা হ’ব৷ ইপিনে, ঘটনাটো সংঘটিত হোৱাৰ পাছত কেন্দ্রীয় ৰেলমন্ত্রী অশ্বিনী বৈষ্ণৱ ঘটনাস্থলীলৈ যায়৷ অৱশ্যে দিল্লীৰ পৰা ঘটনাস্থলীলৈ আহোঁতে মন্ত্রীগৰাকীৰ কিছু বিলম্ব হোৱাক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে সমালোচনা কৰিছে৷ পলমকৈ হ’লেও কেন্দ্রীয় ৰেলমন্ত্রী বৈষ্ণৱে মটৰচাইকেলত উঠি ঘটনাস্থলীলৈ যায় আৰু এই ঘটনাৰ বুজ লয়৷ উদ্ধাৰ অভিযান সমাপ্ত হোৱা বুলি ঘোষণা কৰি ৰে’লমন্ত্রীগৰাকীয়ে পাছত আহতৰ বুজ ল’বলৈ চিকিৎসালয়লৈ যায়৷ পুৱা ৯ বজাত ৰে’ল দুর্ঘটনাটো সংঘটিত হোৱাৰ ফলত উক্ত অঞ্চলৰে আহ–যাহ কৰিবলগীয়া ১৯খন ৰে’লৰ চলাচল সাময়িকভাৱে বাতিল কৰা হৈছে৷ ত্রিপুৰাৰ পৰা পশ্চিমবংগৰ শিয়ালদহলৈ গৈ থকা যাত্রীবাহী কাঞ্চনজংঘা এক্সপ্রেছ দুর্ঘটনাত পতিত হোৱা বাবে ত্রিপুৰাৰ পৰাও এটি দল ঘটনাস্থলীলৈ প্রেৰণ কৰা হৈছে৷ ত্রিপুৰাৰ মুখ্যমন্ত্রী ডাঃ মাণিক সাহাই এই ঘটনা বেদনাজনক বুলি আখ্যা দি নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ আনহাতে, কেন্দ্রীয় ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে নিহতৰ পৰিয়াললৈ ১০ লাখ টকাকৈ এককালীন সাহায্য আৰু আহতলৈ আঢ়ৈ লাখ টকা এককালীন সাহায্য ঘোষণা কৰে৷ ঘটনাটো সংঘটিত হোৱাৰ কিছু সময় পাছতে ৰে’ল মন্ত্রালয়ে নিহতৰ পৰিয়াললৈ দুই লাখ টকা আৰু আহতলৈ ৫০ হাজাৰ টকা এককালীন সাহায্য ঘোষণা কৰিছিল যদিও পাছলৈ কেন্দ্রীয় ৰে’লমন্ত্রীগৰাকীয়ে এই ধনৰাশি বৃদ্ধি কৰে৷ ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ জয়া বার্মা সিংহাই প্রকাশ কৰা মতে, মালবাহী ৰে’লখনত লোকো পাইলটে ৰে’লৰ ছিগনেল অৱজ্ঞা কৰাৰ ফলতে এই দুর্ঘটনাটো সংঘটিত হৈছে৷ দুর্ঘটনাত লোকো পাইলটজনৰো মৃত্যু ঘটিছে৷ কাঞ্চনজংঘা এক্সপ্রেছৰ গার্ডজনো এই দুর্ঘটনাত নিহত হৈছে৷ আনহাতে, মালবাহী ৰে’লৰ লোকো পাইলটে ছিগনেল অৱজ্ঞা কৰাৰ বাবেই দুর্ঘটনা হোৱা বুলি প্রাৰম্ভিক তথ্যত প্রকাশ কৰা হৈছিল যদিও পাছলৈ এই তথ্যক লৈ বিতর্ক সৃষ্টি হয়৷ তথ্য মতে বংগৰ ৰে’লৰ ছিগনেল পুৱা ৫ বজাৰ পৰাই বেয়া হৈ আছে৷ এনে পৰিপ্রেক্ষিততেই মালবাহী ৰে’লৰ লোকো পাইলটে ছিগনেলক লৈ বিভ্রান্তিত পৰে৷ ৰে’লৰ ছিগনেল বেয়া হৈ থকা বাবে লোকো পাইলটজনে কোনো ছিগনেল লাভ নকৰি দ্রুত বেগেৰে গৈ থাকি ৰাখি থোৱা কাঞ্চনজংঘা এক্সপ্রেছত খুন্দা মাৰিছিল৷ ইয়াৰ বাবে এই ভয়াৱহ দুর্ঘটনাটি সংঘটিত হ’বলৈ পালে৷ এই ভয়াৱহ ৰে’ল দুর্ঘটনাটোত প্রাণহানি হোৱা লোকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে৷ নিহতৰ পৰিয়ালক সমবেদনা জনোৱাৰ লগতে আহতৰ শীঘ্রে আশু আৰোগ্য কামনা কৰে ৰাষ্ট্রপতিগৰাকীয়ে৷ ইপিনে, দুর্ঘটনাটো ৰে’ল মন্ত্রালয়ৰ ব্যর্থতাৰ বাবে সংঘটিত হোৱা বুলি বিৰোধী দলসমূহে কঠোৰ ভাষাৰে কেন্দ্রীয় চৰকাৰক সমালোচনা কৰিছে৷

Featured