দাড়ি নৰখাৰ বাবে ২৮০জনক চাকৰিৰ পৰা বর্খাস্ত তালিবানৰ

🔴 আফগানিস্তানত এবছৰত ধ্বংস কৰা হ’ল ২১,৩২৮টা বাদ্যযন্ত্র

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ আগষ্টঃ পুৰুষৰ পৰিচয় হিচাপে দাড়ি অতি গুৰুত্বপূর্ণ যে সেয়া বুজাই দিলে তালিবান ‘নীতি পুলিচ’–এ৷ গাড়ী নৰখাৰ দোষত আফগানিস্তানত চাকৰি গ’ল ২৮০জন যুৱকৰ৷ ইয়াৰ উপৰি ১৩ হাজাৰজনক ‘অনৈতিক আচৰণ’ৰ বাবে আটক কৰিছে তালিবান আৰক্ষীয়ে৷ অৱশ্যে আফগানিস্তানৰ তালিবান চৰকাৰৰ নৈতিকতা মন্ত্রণালয়ে এক বিবৃতিত প্রকাশ কৰিছে যে অনৈতিক আচৰণৰ বাবে যিসকলক গ্রেপ্তাৰ কৰা হৈছিল ২৪ ঘণ্টাৰ ভিতৰত তেওঁলোকৰ আধাসংখ্যকক মুক্তি দিয়া হৈছে৷ পৰিকল্পনা আৰু আইন পৰিচালক মন্ত্রণালয়ে জনাইছে যে যোৱা এবছৰৰ ভিতৰত ২১,৩২৮টা বাদ্যযন্ত্র ধ্বংস কৰা হৈছে আফগানিস্তানত৷ ইয়াৰ উপৰি কেইবাহাজাৰো কম্পিউটাৰ অপাৰেটৰক অনৈতিক চলচ্চিত্র বিয়পোৱাৰ ক্ষেত্রত বাধা প্রদান কৰা হৈছে৷ স্মর্তব্য যে সংগীত, বাদ্যযন্ত্র, চলচ্চিত্রৰ দৰে বিনোদনক ‘হাৰাম’ বা অনৈতিক তথা অপসংস্কৃতি বুলি ধাৰণা কৰে আফগান মৌলবাদী শাসকসকলে৷ ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ আফগানিস্তানত আছিল প্রথম তালিবান চৰকাৰ৷ ২০২১ চনত পুনৰ আফগানিস্তান দখল কৰে তালিবান জেহাদীবোৰে৷ ক্ষমতালৈ অহাৰ পিছত তালিবানে বিভিন্ন ক্ষেত্রত উদাৰতা দেখুৱাব বুলি দাবী কৰিছে৷ কিন্তু শীঘ্রেই তালিবানৰ প্রকৃত স্বৰূপ ওলাই পৰে৷ তালিবান তালিবান হৈয়েই আছে৷ ক্ষমতালৈ আহিয়েই তালিবানে আফগানিস্তানত নাৰী স্বাধীনতা হৰণ কৰে৷ এনে পৰিস্থিতিত বিশ্বৰ কোনো দেশেই তালিবানক কূটনৈতিক স্বীকৃতি দিবলৈ সন্মত হোৱা নাই৷ অৱশ্যে চলিত বর্ষত চীনে তালিবান চৰকাৰক স্বীকৃতি দিছে৷

Featured