তাপমাত্রাই ভংগ কৰিলে সর্বকালৰ অভিলেখ : ৰাজধানী দিল্লীত ৫২.৩ ডিগ্রী চেলছিয়াছ

🔹 বিহাৰত ৫০তকৈ অধিক শিক্ষার্থী সংজ্ঞাহীন

বিশেষ বাৰ্তা, ২৯ মে’ : ২০২৩ বর্ষ সর্বাধিক উষ্ণ বর্ষ হিচাপে অভিলেখ গঢ়াৰ পাছত ২০২৪ বর্ষটোত প্রতিদিনে তাপমাত্রা বৃদ্ধি হৈ আছে৷ বিজ্ঞানীসকলে তাপমাত্রা বৃদ্ধিৰ সকীয়নি দিয়াৰ পাছত ভাৰতত তাপমাত্রাই অভিলেখৰ উপৰি অভিলেখ গঢ়ি আছে৷ বিগত বর্ষৰ সকলো অভিলেখ ভংগ কৰি আজি তাপমাত্রাই গঢ়িলে সর্বকালৰ তাপমাত্রাৰ অভিলেখ৷ দেশৰ ৰাজধানী দিল্লীত আজি তাপমাত্র হৈছে ৫২.৩ ডিগ্রী চেলছিয়াছ৷ ৰাজধানী দিল্লীৰ এই তাপমাত্রা সমগ্র দেশৰ ভিতৰতে সর্বাধিক আৰু ই এক অভিলেখ৷ আজি দিল্লীত ৫২.৩ ডিগ্রী চেলছিয়াছ তাপমাত্রাৰ বিপৰীতে ৰাজস্থানৰ ফাল’ডিত ৫১ ডিগ্রী চেলছিয়াছ৷ ইয়ো এক অভিলেখ৷ ৰাজস্থানৰ স্বাভাৱিক তাপমাত্রাতকৈ ৭.৫ ডিগ্রী সর্বাধিক আজিৰ এই তাপমাত্রা৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে, দিল্লীৰ ৫২.৩ ডিগ্রী চেলছিয়াছ তাপমাত্রা দেশত সর্বকালৰ সর্বাধিক৷ জলবায়ু পৰিৱর্তনক লৈ ৰাষ্ট্রসংঘৰ পেৰিছ চুক্তিয়ে তাপমাত্রা ১.৫ ডিগ্রী দেশত বৃদ্ধি পালেই পৃথিৱীলৈ বিপদ কঢ়িয়াই আনিব বুলি সহমতত উপনীত হৈ ইয়াক নিয়ন্ত্রণৰ বাবে দেশসমূহক বিভিন্ন পদক্ষেপ গ্রহণ কৰিবলৈ সিদ্ধান্ত লৈছিল যদিও পেৰিছ জলবায়ু চুক্তি প্রহসনত পৰিণত হৈছে৷ ফলশ্রুতিত বিশ্বজুৰি তাপমাত্রা বৃদ্ধি হৈ মানৱ জাতিৰ বাবে প্রত্যাহ্বান নমাই আনিছে৷ পেৰিছ চুক্তি কার্যকৰী নকৰাৰ বাবেই কার্বন–ডাই–অক্সাইড নির্গমন আৰু সেউজ গৃহ গেছ নির্গমনে এল নিনো বৃদ্ধি কৰিছে, যিয়ে তাপমাত্রা প্রতিদিনে বৃদ্ধি কৰি আহিছে৷ এই জলবায়ু পৰিৱর্তনৰ প্রভাৱৰ বাবেই ২০২৩ বর্ষতো সর্বাধিক উষ্ণ বর্ষ হিচাপে অভিলেখ গঢ়িছে৷ ২০২৪ বর্ষটোও অনাকাংক্ষিত তাপমাত্রা বৃদ্ধিৰ বর্ষ হ’বলৈ আগবাঢ়িছে৷ উল্লেখ্য যে আজি দিল্লীত ৫২.৩ ডিগ্রী চেলছিয়াছ তাপমাত্রা স্পর্শ কৰাৰ পূর্বে ১৯১৩ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ কেলিফ’র্ণিয়াৰ ডেথ ভেলীত ৫৬.৭ ডিগ্রী তাপমাত্রা লিপিবদ্ধ কৰা হৈছিল৷ ডব্লিউ এম অ’ ৱেবছাইটৰ তথ্য মতে, আফ্রিকাৰ টিউনিচিয়াৰ কেবিলত ১৯৩১ চনত ৫৫ ডিগ্রী ছেলচিয়াছ, এছিয়াৰ কুৱেইটৰ মিট্টিবাহত ২০১৬ চনত ৫৩.৯ ডিগ্রী চেলছিয়াছ, পাকিস্তানৰ টুৰবাটত ২০১৭ চনত ৫৩.৭ ডিগ্রী চেলছিয়াছ লিপিবদ্ধ কৰা হৈছিল৷ ডব্লিউ এম অ’ৰ আন এক তথ্য মতে, ২০২১ চনৰ আগষ্টত ইটালীত ৪৮.৮ ডিগ্রী চেলছিয়াছ, দক্ষিণ আমেৰিকাৰ আর্জেণ্টিনাৰ ৰিভা ডাভিয়াত ৪৮.৯ ডিগ্রী চেলছিয়াছ লিপিবদ্ধ কৰা হৈছিল৷ তাপমাত্রা বৃদ্ধিৰ ফলত দেশৰ প্রান্তে প্রান্তে প্রচণ্ড গ্রীষ্মপ্রবাহৰ কবলত পৰিছে৷ বিশেষকৈ উত্তৰ ভাৰতৰ লগতে উত্তৰ-পূর্বাঞ্চলতো তাপমাত্রাৰ প্রকোপ বৃদ্ধি পাইছে৷ ৰাজধানী দিল্লীৰ লগতে ৰাজস্থান, উত্তৰ প্রদেশ, বিহাৰ, হাৰিয়ানা, পঞ্জাব আদিতো গ্রীষ্মপ্রবাহৰ প্রকোপ বাঢ়িছে৷ প্রচণ্ড গ্রীষ্মপ্রবাহৰ বাবে বিহাৰৰ শ্বেখপুৰা জিলাৰ মানকল মিডল স্কুলত ৫০তকৈ অধিক শিক্ষার্থী সংজ্ঞাহীন হৈ পৰে৷ ৪০ৰ পৰা ৪৫ ডিগ্রীলৈকে তাপমাত্রা বৃদ্ধি পোৱাত মানকল মিডল স্কুলত সংজ্ঞাহীন হৈ পৰা শিক্ষার্থীসকলক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ পুৱা প্রার্থনা সমাপ্ত হোৱাৰ পিছত শ্রেণীকোঠাত প্রৱেশ কৰাৰ পাছতেই প্রথমে ৬জন শিক্ষার্থী সংজ্ঞাহীন হৈ পৰে৷ এই ঘটনা পিছলৈ বৃদ্ধি হৈ গৈ ৫০তকৈ অধিক শিক্ষার্থী সংজ্ঞাহীন হৈ পৰে৷ শিক্ষার্থীসকলক মটৰচাইকেল, ই–ৰিক্সা, টেম্প’ আদিৰে ততাতৈয়াকৈ সদৰ হাস্পতাললৈ নিয়া হয়৷ স্কুলখনৰ প্রধান শিক্ষকে এই ঘটনাক লৈ চিকিৎসালয় কর্তৃপক্ষৰ সৈতে যোগাযোগ কৰি এম্বুলেঞ্চ বিচাৰে যদিও এম্বুলেঞ্চ অহাত বিলম্ব হোৱাৰ বাবেই স্থানীয় লোকে ব্যক্তিগত বাহন ব্যৱহাৰ কৰিবলৈ বাধ্য হয়৷ এই লৈ উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়৷ ইপিনে, উত্তৰ প্রদেশৰ বেগুচৰাই জিলাৰ মতিহানী মিডল স্কুলতো প্রচণ্ড গ্রীষ্মপ্রবাহৰ বাবে সংজ্ঞাহীন হৈ পৰে৷ ততাতৈয়াকৈ শিক্ষার্থীসকলক স্থানীয় হাস্পতালত ভর্তি কৰোৱ হৈছে৷ তথ্য মতে এই জিলাখনত তাপমাত্রা ৪৫ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিছে৷ মন কৰিবলগীয়া যে গ্রীষ্মপ্রবাহৰ বাবে শিক্ষা বিভাগে পুৱা ৬ বজাৰ পৰা বিদ্যালয়ত পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতো এই ঘটনা সংঘটিত হোৱাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

Featured