বার্বাডোজত আজি টি–২০ বিশ্বকাপ ক্রিকেটৰ মহাযুদ্ধ

🏏 ১৭ বছৰীয়া ব্যর্থতা ভংগৰ লক্ষ্য ৰোহিত বাহিনীৰ

বিশেষ বাৰ্তা, ২৯ জুন : এমাহজোৰা অপেক্ষা, উৎকণ্ঠাৰ অন্ত৷ আজি বার্বাডোজৰ কেনছিংটন অ’ভেলত অনুষ্ঠিত হ’ব চলিত টি–২০ বিশ্বকাপৰ ফাইনেল মেচ৷ ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই খিতাপ যুঁজৰ মেচখনত মুখামুখি হ’ব ২০০৭ চনৰ চেম্পিয়ন টীম ইণ্ডিয়া আৰু এতিয়ালৈকে বিশ্বজয়ৰ সোৱাদ লাভ নকৰা দক্ষিণ আফ্রিকা৷ ১৭ বছৰীয়া ব্যর্থতাৰ ধাৰা ভংগৰ লক্ষ্যৰে আজিৰ ফাইনেলত অৱতীর্ণ হ’ব ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটো৷ ইফালে, দক্ষিণ আফ্রিকাৰ লক্ষ্য হ’ল সুদীর্ঘ ৩২ বছৰীয়া অপেক্ষাৰ অন্ত পেলোৱাৰ৷ ১৯৯২ চনত পুনৰ আন্তর্জাতিক ক্রিকেটলৈ প্রত্যাৱর্তন কৰা দক্ষিণ আফ্রিকাই এতিয়ালৈকে এদিনীয়া আৰু টি–২০ বিশ্বকাপৰ খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাই৷ দলটোৱে প্রথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্রৱেশ কৰি ইতিহাস ৰচনা কৰিছে৷ বৃহস্পতিবাৰে পুৱা আফগানিস্তানক পৰাস্ত কৰি চলিত টি–২০ বিশ্বকাপৰ ফাইনেলত স্থান নিশ্চিত কৰিছিল প্রটিয়াজ বাহিনীয়ে৷ এইবাৰ লক্ষ্য হ’ল চেম্পিয়ন হৈ ইতিহাস ৰচাৰ৷ অৱশ্যে দক্ষিণ আফ্রিকাৰ এই লক্ষ্য সহজ নহ’ব৷ সন্মুখত আছে তাৰকা খেলুৱৈৰে সমৃদ্ধ ৰোহিত ব্রিগেড৷ মন কৰিবলগীয়া যে চলিত প্রতিযোগিতাখনত দুয়োটা দল এতিয়ালৈকে অপৰাজেয় হৈ আছে৷ আজিৰ এই খিতাপ যুঁজৰ মেচখনৰ মূল যুঁজ হ’ব স্পিনাৰ আৰু পেচ বলাৰৰ৷ মেচখনত ভাৰতীয় দলটোৱে চাৰিজন স্পিনাৰেৰে অৱতীর্ণ হৈ দক্ষিণ আফ্রিকাক বশ কৰাৰ কৌশল ৰচনা কৰাৰ বিপৰীতে দক্ষিণ আফ্রিকাই পেচ বলিঙেৰে ভাৰতীয় বেটাৰক চাপত ৰখাৰ চেষ্টা কৰিব৷ আজিৰ ফাইনেল মেচখনত ভাৰতীয় দলটোৰ মূল একাদশত সামান্য সালসলনি ঘটাৰ সম্ভাৱনা আছে৷ শিৱম ডুবেৰ স্থানত সঞ্জু ছেমছনক মূল একাদশত অন্তর্ভুক্ত কৰাৰ সম্ভাৱনা আছে৷ দলটোৰ বলিং বিভাগক লৈ আত্মবিশ্বাসী যদিও বেটাৰৰ ব্যর্থতাই কিছু পৰিমাণে চিন্তিত কৰি ৰাখিছে টীম ইণ্ডিয়াক৷ বিৰাট কোহলিৰ ধাৰাবাহিক ব্যর্থতাই দলটোক চিন্তাত ৰাখিছে৷ আজিৰ ফাইনেলৰ পূর্বে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই কয় যে কোহলিয়ে ফর্মৰ বাবে হাবাথুৰি খাই পৰিছে যদিও ইয়াক লৈ দলটো বিশেষ চিন্তিত নহয়৷ তেওঁ কয় যে সম্ভৱতঃ কোহলিয়ে নিজৰ সমস্ত শক্তি আৰু ৰান ফাইনেল মেচখনৰ বাবে সাচি ৰাখিছে৷ মেচখনত দক্ষিণ আফ্রিকাক সহজভাৱে নলয় বুলি উল্লেখ কৰি ৰোহিত শর্মাই লগতে কয় যে উন্নত প্রদর্শন দাঙি ধৰিয়েই দক্ষিণ আফ্রিকাই ফাইনেলত প্রৱেশ কৰিছে৷ গতিকে মেচখন প্রত্যাহ্বানমূলক হোৱাটো খাটাং৷ প্রটিয়াজ বাহিনীৰ কেইবাগৰাকী তাৰকা বেটাৰৰ লগতে বলাৰো আছে৷ গতিকে আমি সাৱধানতাৰে মেচত নামিব লাগিব৷

Featured