পৰৱর্তী অতিমাৰীৰ মোকাবিলাৰ বাবে সাজু পৃথিৱী !

🔹 চীনৰ বিশেষজ্ঞ চিকিৎসকৰ মুখত আশংকাৰ বার্তা

বিশেষ বাৰ্তা, ২৩ মে’ : পুনৰ মূৰ দাঙি উঠিছে ক’ৰোনা ভাইৰাছে৷ ছিংগাপুৰত ইতিমধ্যে নতুনকৈ ক’ভিড সম্পর্কীয় নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ জুন মাহত সংক্রমণৰ হাৰ সর্বোচ্চ হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷ এনে পৰিস্থিতিত চীনসহ সমগ্র বিশ্বই প্রস্তুতি চলাইছে পৰৱর্তী অতিমাৰীৰ মোকাবিলা কৰিবলৈ! বেইজিঙৰ নেচনেল মেডিকেল চেণ্টাৰ ফৰ ইনফেকছিয়াছ ডিজিজৰ মুৰব্বী ডাঃ ঝাং ৱেনহঙে উল্লেখ কৰা অনুসৰি, নতুনকৈ কোনো অতিমাৰীৰ সন্মুখীন হ’ব বিশ্ব৷ বিশ্বৰ বাবে অৱধাৰিতভাৱে নতুন অতিমাৰী আহি আছে বুলি মন্তব্য কৰে বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে৷ ক’ভিড–১৯ ভাইৰাছৰ বিৰুদ্ধে চীনৰ যুঁজত অগ্রণী ভূমিকা লৈছিল ঝাঙে৷ এই মুহূর্তত বিশেষজ্ঞ চিকিৎসকগৰাকী ব্যস্ত জলবায়ু পৰিৱর্তন আৰু সংক্রামক ৰোগ সম্পর্কীয় গৱেষণাত৷ ঝাঙে উল্লেখ কৰিছে যে শেহতীয়া ক’ৰোনা অতিমাৰীৰ পিছত এইবাৰ সমগ্র বিশ্বই প্রস্তুতি চলাইছে পৰৱর্তী অতিমাৰীৰ৷ সকলো ধৰণৰ সম্ভাৱনাক জুকিয়াই চোৱা হৈছে বুলিও চিকিৎসকগৰাকীয়ে মন্তব্য কৰে৷ ভেক্টৰবাহিত ৰোগ যিধৰণে শেহতীয়াকৈ আমেৰিকাত বিয়পি পৰিছে, তাৰ দ্বাৰা ধাৰণা কৰিব পাৰি যে নতুন অতিমাৰী আহি আছে পৃথিৱীলৈ৷ গতিকে ইয়াৰ মোকাবিলাৰ বাবে বিশ্বৰ প্রতিখন দেশেই প্রস্তুতি গ্রহণ কৰিছে বুলি উল্লেখ কৰে ঝাঙে৷ লক্ষণীয়ভাৱে বিশ্ব স্বাস্থ্য সংস্থাই পূর্বেই ভয়াৱহ অতিমাৰীৰ সতর্কবাণী কৰিছে৷

Featured