বিশ্বৰ প্রথম মূৰ সংৰোপণ পদ্ধতি উদ্ভাৱন ষ্টার্টআপ ব্রেইনব্রিজৰ

🔹 চিকিৎসা ক্ষেত্রত বৈপ্লৱিক উদ্ভাৱন

বিশেষ বাৰ্তা, ২৩ মে’ : চিকিৎসা খণ্ডত বৈপ্লৱিক উদ্ভাৱন আমেৰিকা যুক্তৰাষ্ট্রৰ ষ্টার্টআপ ব্রেইনব্রিজৰ৷ বিশ্বৰ প্রথম মূৰ সংৰোপণ পদ্ধতি উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে ষ্টার্টআপ ব্রেইনব্রিজ৷ স্নায়ুবিজ্ঞান, মানৱীয় অভিযান্ত্রিক আৰু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্রখনত যুগান্তকাৰী কৃতিত্বৰে ব্রেইনব্রিজে চিকিৎসা খণ্ডলৈ আন এক অভাৱনীয় সুখবৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ স্নায়ুবিজ্ঞান আৰু জৈৱ চিকিৎসা অভিযান্ত্রিক ষ্টার্টআপ ব্রেইনব্রিজে ৱেবছাইটযোগে প্রকাশ কৰা মতে, তেওঁলোকে মূৰ সংৰোপণৰ ক্ষেত্রত এক পদ্ধতি উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে৷ ৰব’টিক ছার্জনৰ জৰিয়তে মূৰ সংৰোপণ কৰা এটা ভিডিঅ’ ষ্টার্টআপ কোম্পানীটোৱে সামাজিক মাধ্যমযোগে প্রচাৰ কৰিছে৷ মূৰ সংৰোপণৰ এই ভিডিঅ’ সামাজিক মাধ্যমত প্রচাৰ হোৱাৰ লগে লগে বিশ্বজুৰি আলোড়নৰ সৃষ্টি হৈছে৷ সামাজিক মাধ্যমত এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ এনিমেটেড ভিডিঅ’টোত প্রত্যক্ষ কৰা মতে, দুই ছার্জিকেল ৰব’টে দুটা শৰীৰত একেলগে মূৰ সংৰোপণৰ প্রক্রিয়া চলাই আছে৷ এটা শৰীৰৰ পৰা মূৰ আঁতৰাই আন এটা শৰীৰত সংৰোপণ কৰিছে৷ এই ভিডিঅ’ই সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰাৰ পাছতে বিশ্বজুৰি চিকিৎসা বিজ্ঞানীসকলৰ মাজত চর্চা আৰম্ভ হৈছে৷ ৰব’টিক ছার্জনে কৃত্রিম বুদ্ধিমত্তাৰ সহায়েৰে মূৰ আৰু মুখমণ্ডল সংৰোপণৰ প্রক্রিয়াটো সফলতাৰে সমাধা কৰিবলৈ সক্ষম হৈছে৷ ই হৈছে মূৰ সংৰোপণৰ ক্ষেত্রত বিশ্বৰ প্রথম বৈপ্লৱিক উদ্ভাৱন৷ যোৱা ২২ মে’ত এই ভিডিঅ’টো সামাজিক মাধ্যমত প্রচাৰ হৈছে৷ মুহূর্তৰ ভিতৰতে লক্ষ লক্ষ লোকে এই ভিডিঅ’টো প্রত্যক্ষ কৰি নতুন বৈপ্লৱিক উদ্ভাৱনৰ বাবে ষ্টার্টআপ ব্রেইনব্রিজক অভিনন্দন জনাইছে৷

Featured