পিতৃৰ চকুলো মচিবলৈ আছে ১৫০ কোটি দেশবাসী

🔹 ক্রন্দনৰত ক্রিকেটাৰৰ চকুপানী দেখি কন্যাৰ প্রশ্ণৰ প্রত্যুত্তৰত অনুষ্কা

বিশেষ বাৰ্তা, ১ জুলাই : বিজয়ৰ আনন্দত শিশুৰ দৰেই কান্দিছিল ক্রিকেটাৰসকলে৷ ভাৰতে বিশ্বকাপ জয় কৰাৰ পিছত চকুপানী ধৰি ৰাখিব পৰা নাছিল বিৰাট কোহলি, ৰোহিত শর্মাহঁতে৷ সেই কান্দোন দেখি বিৰাটৰ পত্নী অনুষ্কা শর্মাক প্রশ্ণ কৰিছিল কন্যা ভামিকাই৷ এই প্রশ্ণৰ প্রত্যুত্তৰ দিছিল অনুষ্কাই৷ সামাজিক মাধ্যমত বলীউডৰ অভিনেত্রীগৰাকীয়ে এই বিষয়ে জনাইছে৷ বিৰাট কোহলিয়ে ট্রফী দাঙি ধৰা আৰু উল্লাসৰ কেইবাখনো ফটো পোষ্ট কৰি তেওঁ লিখিছে– টেলিভিছনত সকলোকে কন্দা দেখি আমাৰ কন্যাৰ ডাঙৰ চিন্তা হৈছিল যে তেওঁলোকৰ কান্দোন বন্ধ কৰিবলৈ কোনে সাবটি ধৰিলে৷ মই কৈছিলোঁ- তেওঁলোকৰ চকুপানী মচিবলৈ ১৫০ কোটি ভাৰতীয় আছে৷ সঁচাকৈয়ে এক চমকপ্রদ বিজয়৷ চেম্পিয়নসকললৈ শুভেচ্ছা জনাইছোঁ৷ উল্লেখ্য যে বিশ্বকাপৰ মাজতে গেলাৰীত দেখা গৈছিল অনুষ্কাক৷ নিউয়র্কত অনুষ্ঠিত ভাৰত–পাকিস্তানৰ মেচ উপভোগ কৰিছিল তেওঁ৷ কিন্তু ৱেষ্ট ইণ্ডিজত অভিনেত্রীগৰাকীক গেলাৰীত দেখা নগ’ল৷ বিশ্বকাপ জয় কৰাৰ পিছত বিৰাটক পত্নীৰ সৈতে ফোনত কথা পতা দেখা গৈছিল৷ বুজা গৈছিল যে পত্নী আৰু সন্তানৰ সৈতে কথা পাতিছে বিৰাটে৷ বিৰাটৰ উল্লাস চাবলগীয়া আছিল৷ ইমান দিনৰ পিছত বিশ্বকাপ বিজয়ৰ উছাহ ধৰি ৰাখিব পৰা নাছিল কোহলিয়ে৷ ফাইনেলত ৭৬ ৰানৰ এটি দর্শনীয় ইনিংছ খেলিছিল তেওঁ৷ শেষ পর্যন্ত এই ইনিংছৰ ওপৰত ভিত্তি কৰিয়েই ভাৰতে দক্ষিণ আফ্রিকাৰ সন্মুখত প্রত্যাহ্বান সৃষ্টি কৰে৷ ট্রফী জয় কৰি কোহলিয়ে সদৰী কৰে যে দেশৰ হৈ এইখনেই আছিল তেওঁৰ অন্তিম টি–২০ মেচ৷ মেচৰ শ্রেষ্ঠ খেলুৱৈৰ ট্রফী হাতত লৈ তেওঁ এই কথা জানিবলৈ দিয়ে৷ তেওঁ লগতে কয়– আমি বিশ্বকাপ জয় কৰিব বিচাৰিছিলোঁ৷ সেয়া সম্ভৱ হোৱাৰ পিছত নতুন প্রজন্মৰ হাতত দায়িত্ব অর্পণ কৰিব বিচাৰিছোঁ৷

Featured