যুদ্ধ-সংঘর্ষৰ ফলত বিশ্বত গৃহহীন ১২ কোটি লোক

🎯স্থানচ্যুত লোকৰ সংখ্যা জাপানৰ জনসংখ্যাৰ সমান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ জুনঃ যুদ্ধ আৰু সংঘর্ষই অসংখ্য মানুহৰ শান্তিৰ জীৱন যাপনলৈ কঢ়িয়াই আনিছে ভাবুকি৷ ৰাষ্ট্রসংঘৰ শৰণার্থী সংস্থাৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে বিশ্বজুৰি যুদ্ধ–সংঘর্ষই ১২ কোটি লোকক ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য কৰাইছে৷ স্মর্তব্য যে বিগত ১২ বছৰৰ ভিতৰত প্রথমবাৰলৈ অধিকসংখ্যক লোকক যুদ্ধ–সংঘর্ষই গৃহহাৰা কৰা বুলি ৰাষ্ট্রসংঘৰ শৰণার্থী সংস্থাৰ তৰফৰ পৰা দাবী কৰা হৈছে৷ এনেদৰে সংঘর্ষ আৰু যুদ্ধৰ ফলত স্থানচ্যুত লোকৰ সংখ্যা বর্তমান জাপানৰ মুঠ জনসংখ্যাৰ সমান হৈছে৷ ছুডান আৰু গাজাত শেহতীয়াকৈ আৰম্ভ হোৱা যুদ্ধই অধিক লোকক ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য কৰাইছে৷ অকল সেয়াই নহয়, এনে পৰিস্থিতিৰ ফলত বহুসংখ্যক লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ যুদ্ধৰ ফলত সৃষ্টি হোৱা দুর্ভিক্ষই তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে বহুলোকক৷ ৰাষ্ট্রসংঘৰ শৰণার্থী সংস্থাৰ মুৰব্বী ফিলিপ্প’ গ্রান্দিয়ে উল্লেখ কৰা অনুসৰি বিশ্বজুৰি শান্তিপ্রিয় মানুহৰ বাবে সৃষ্টি কৰা হৈছি বিভীষিকা৷ বিশ্বৰ সকলো দেশে সমস্যাৰ মূল কাৰণ বিচাৰি উলিয়াই তাক সমাধান কৰিব লাগিব৷ এইক্ষেত্রত পদক্ষেপ গ্রহণ নকৰিলে বিভিন্ন দেশৰ সীমান্তত সৃষ্টি হোৱা শৰণার্থী সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিব বুলিও গ্রান্দিয়ে সতর্কবাণী কৰিছে৷ গাজাৰ যুদ্ধৰ ফলত ৭৫ শতাংশ লোক গৃহহীন হোৱা বুলি গ্রান্দিয়ে উল্লেখ কৰিছে৷

Featured