একে শাৰীতে অৱস্থান কৰিছে সৌৰজগতৰ ৬টা গ্রহই

🔹 নিশাৰ মহাকাশত বিৰল মহাজাগতিক পৰিঘটনা

বিশেষ বাৰ্তা, ৪ জুন : সৌৰজগতৰ ৬টা গ্রহই একে শাৰীতে অৱস্থান কৰিছে৷ ভাৰতৰ সকলো স্থানৰ পৰা মহাকাশত এই বিৰল মহাজাগতিক দৃশ্য দেখিবলৈ পোৱা যাব বুলি বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অব এষ্ট্রোফিজিক্সৰ গৱেষক তথা বিজ্ঞানীসকলে ঘোষণা কৰিছে৷ আকাশ ফৰকাল থাকিলে এই মহাজাগতিক দৃশ্য খালী চকুৰেই দেখিবলৈ পোৱা যাব৷ বিজ্ঞানীসকলে ঘোষণা কৰা অনুসৰি সূর্যৰ ৬টা গ্রহই ওচৰা–ওচৰিকৈ অৱস্থান কৰিব৷ এটা শাৰীতে এই গ্রহবোৰক দেখিবলৈ পোৱা যাব পৃথিৱীৰ পৰা৷ ভাৰতৰ বিভিন্ন প্রান্তৰ পৰাও এই দৃশ্য স্পষ্টভাৱে দেখিবলৈ পোৱা যাব বুলি বিজ্ঞানীসকলে দাবী কৰিছে৷ প্রায় একে শাৰীতে অৱস্থান কৰিছে বুধ, মঙল, বৃহস্পতি, ইউৰেনাছ, নেপচুন আৰু শনি  গ্রহই৷ একে শাৰীতে একাধিক গ্রহৰ অৱস্থানক মহাজাগতিক পৰিভাষাত ‘প্লেনেটাৰী এলাইমেণ্ট’ বুলি কোৱা হয়৷  ৩ জুনৰ পৰা এই দৃশ্য আগন্তুক এটা সপ্তাহলৈ দেখিবলৈ পোৱা যাব৷ ৩ জুনৰ পূর্বে সূর্যৰ যথেষ্ট ওচৰ চাপি আহিছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্রহ বৃহস্পতি৷ ইয়াৰ পিছতে ওচৰ চাপি আহিছে বুধ৷ ‘প্লেনেটাৰী এলাইনমেণ্ট’ চোৱাৰ আটাইতকৈ ভাল সময় শেষ নিশা৷ সূর্য উদয় হোৱাৰ পূর্বে এই গ্রহবোৰৰ অৱস্থান প্রায় একে শাৰীতে দেখিবলৈ পোৱা যাব৷ বিজ্ঞানীসকলে উল্লেখ কৰা অনুসৰি আকাশ ফৰকাল থাকিলে সূর্য উদয়ৰ ২০ মিনিট পূর্বলৈকে এই দৃশ্য দেখিবলৈ পোৱা যাব৷

Featured