আমেৰিকাত ক’ভিড–১৯ৰ নতুন প্রকৰণ ‘ফ্লার্ট’ৰ সংক্রমণ বৃদ্ধি

বিশেষ বাৰ্তা, ৭ মে’ : মহামাৰী ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ এতিয়াও সমাপ্ত হোৱা নাই৷ বিশ্বজুৰি ত্রাসৰ সৃষ্টি কৰা ক’ভিড–১৯ৰ সংহাৰ শাম কাটিছে যদিও এতিয়াও বিভিন্ন দেশত ক’ভিড–১৯ৰ নতুন প্রকৰণে উদ্বিগ্নতাৰ সৃষ্টি কৰি আছে৷ শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্রত ক’ভিড–১৯ৰ নতুন প্রকৰণ ফ্লার্টৰ সংক্রমণ বৃদ্ধিয়ে চৰকাৰখনক শংকিত কৰি তুলিছে৷ ক’ভিড–১৯তকৈও ইয়াৰ ভয়াৱহতা অধিক হ’ব পাৰে বুলি চর্চিত হৈছে৷ পৃথক লক্ষণ আৰু অতি বিপজ্জনক হোৱাৰ সম্ভাৱনা আছে নতুন প্রকৰণটোত৷ তথ্য মতে, আমেৰিকাত ক’ভিড প্রকৰণটোৰ নামটোৱে চর্চা লাভ কৰিছে৷ যোৱা বর্ষৰ ডিচেম্বৰ মাহত উদ্ভৱ হোৱা জেএন.১ প্রকৰণৰ পৰাই এই নতুন প্রকৰণটোৰ উদ্ভৱ ঘটিছে৷ বিশেষজ্ঞৰ মতে, ফ্লুৰ লেখীয়া লক্ষণ আৰু ক’ভিড–১৯ৰ লেখীয়া লক্ষণ সন্নিৱিষ্ট হৈ থকা বাবেই ইয়াক চিনাক্ত কৰাটো অধিক জটিল৷

Featured