কন্যাৰ নিৰাপত্তাৰ বাবে মূৰত বহুৱালে চিচি টিভি

🔹 পিতৃৰ পদক্ষেপত যথেষ্ট সুখী তৰুণী

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : দেশ হওক বা বিদেশেই হওক, মহিলাৰ ওপৰত নির্যাতন অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ প্রতিদিনেই পোহৰলৈ আহিছে ধর্ষণৰ ঘটনা৷ নিজৰ কন্যাক স্কুল–কলেজ বা টিউচনলৈ পঠিয়াবলৈ এতিয়া চিন্তা কৰিবলগীয়া হয় অভিভাৱকসকলে৷ প্রতিমুহূর্ততে এটাই চিন্তা- কন্যা ঠিকে–ঠাকে ঘৰলৈ উভতি আহিব নে নাই! এনে চিন্তাত পৰিয়েই কন্যাৰ সুৰক্ষাৰ বাবে অভিনৱ উপায় উলিয়ালে পাকিস্তান কৰাচীৰ এজন পিতৃয়ে৷ কন্যাৰ মূৰত চিচি টিভি কেমেৰা বহুৱাই দিছে পাকিস্তানৰ এই ব্যক্তিগৰাকীয়ে৷ হাঁহিমুখে পিতৃৰ সিদ্ধান্ত মানি লৈছে কন্যাই৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে সেই ভিডিঅ’৷ ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে মূৰত চিচি টিভি লৈ এজনী তৰুণীয়ে সংবাদ মাধ্যমত সাক্ষাৎকাৰ দিছে৷ পাকিস্তানৰ এই তৰুণীয়ে কৈছে যে মূৰত চিচি টিভি লগাইছে তেওঁৰ পিতৃয়ে৷ কন্যা ক’লৈ গৈছে, কি কৰিছে, কাৰ সৈতে লগ হৈছে, সকলো বিষয়ৰ ওপৰত নজৰ ৰাখিছে পিতৃয়ে৷ তৰুণীয়ে কৈছে যে পিতৃৰ এই পদক্ষেপত তেওঁ যথেষ্ট সুখী৷ কন্যাৰ সুৰক্ষাৰ কথা চিন্তা কৰি পিতৃয়ে এনে পদক্ষেপ গ্রহণ কৰাটো উচিত বুলি মন্তব্য কৰিছে তৰুণীয়ে৷ শেহতীয়াকৈ কৰাচী চহৰত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰা হৈছে৷ এতিয়া কোনো মহিলা সুৰক্ষিত নহয়৷ সেই মহিলাগৰাকীৰ সৈতে যি ঘটনা সংঘটিত হৈছে, সেই একেই ঘটনা সংঘটিত হ’ব পাৰে তৰুণীজনীৰ সৈতে৷ এই ঘটনা দেখাৰ পিছতে তৰুণীজনীৰ পিতৃ আতংকিত হৈ পৰে৷ কন্যাৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সেয়ে ব্যক্তিগৰাকীয়ে এই সিদ্ধান্ত গ্রহণ কৰিলে৷ জানিব পৰা গৈছে যে তৰুণীজনীৰ পিতৃ ছিকিউৰিটী গার্ড৷ গতিকে এই চিচি টিভিৰ জৰিয়তে কন্যাক প্রতিমুহূর্ততে নজৰত ৰখাৰ সিদ্ধান্ত ল’লে ব্যক্তিগৰাকীয়ে৷ এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ পিছতে বিভিন্নজনে পাকিস্তানী ব্যক্তিগৰাকীৰ এনে পদক্ষেপক প্রশংসা কৰিছে৷

Featured