দিল্লীত দুই শিক্ষার্থীসহ তিনিজনক ছুৰিকাঘাত

বিশেষ বাৰ্তা, ২৬ আগষ্ট : দেশৰ ৰাজধানী নতুন দিল্লীৰ নাৰেলা অঞ্চলৰ ৰামদেৱ চ’কত এজন ব্যক্তিয়ে দুই বিদ্যালয়ৰ শিক্ষাৰ্থীসহ তিনিজনক ছুৰীৰে আক্রমণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, ২৩ বছৰীয়া বিনয় নামৰ মানসিক বিকাৰগ্রস্ত যুৱকজনে আজি বিদ্যালয়ৰ দুই শিক্ষার্থীসহ তিনিজনক ছুৰিকাঘাত কৰে ৷ তিনিওজনক চিকিৎসালয়ত ভর্তি কৰাই চিকিৎসা আগবঢ়াই থকা হৈছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, চমন নামৰ শিক্ষার্থীজনৰ বাঁও কান্ধৰ পিছফালে ছুৰীৰে আক্রমণ কৰা হৈছে৷ ৰাজেশ নামৰ শিক্ষার্থীজনে বাধা দিবলৈ যাওঁতে তেওঁৰ মূৰ, মুখমণ্ডল আৰু হাতত আঘাত পাইছে৷ আন এজনকো ছুৰীৰে আঘাত কৰি বিজয় নামৰ লোকজন পলাই যায়৷

Featured