টি-২০ মহাৰণ : নিউয়র্কত আজি ভাৰতৰ সন্মুখত পাকিস্তান

🔹 পাকৰ পেচ বলিঙৰ প্রত্যাহ্বানক লৈ সাজু ৰোহিত বাহিনী

বিশেষ বাৰ্তা, ৯ জুন : অপেক্ষাৰ অন্ত৷ আৰু মাত্র কেইঘণ্টামান পিছত নিউয়র্কৰ নাছাউ কাউণ্টী আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ ঐতিহাসিক মহাৰণ৷ বিশ্ববাসীয়ে অধীৰ আগ্রহেৰে বাট চাই থকা চলিত টি–২০ বিশ্বকাপৰ বহু প্রতীক্ষিত ভাৰত–পাকিস্তানৰ এই হাইভ’ল্টেজ মেচখন নিশা ৮ বজাত অনুষ্ঠিত হ’ব৷ গ্রুপ ‘এ’ৰ এই গুৰুত্বপূর্ণ মেচখনক লৈ ইতিমধ্যে সাজু হৈছে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়াৰ লগতে বাবৰ আজম নেতৃত্বাধীন পাকিস্তান৷ মেচখনক লৈ ইতিমধ্যে ৰণনীতি প্রস্তুত কৰিছে দুয়োটা দলে৷ চলিত বিশ্বকাপৰ প্রথমখন মেচত আয়াৰলেণ্ডক পৰাস্ত কৰি ভাৰতীয় দলটোৰ আত্মবিশ্বাস তুংগত থকাৰ বিপৰীতে নিজৰ প্রথমখন মেচত আমেৰিকাৰ হাতত পৰাস্ত হৈ চাপৰ সন্মুখীন হৈ আছে পাকিস্তান দলটো৷ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব ভাৰতীয় দলটো৷ এতিয়ালৈকে টি–২০ বিশ্বকাপত দুয়োটা দলে ৭বাৰ মুখামুখি হৈছে আৰু ইয়াৰে মাত্র এবাৰহে পাকিস্তানে ভাৰতীয় দলটোক পৰাস্ত কৰিবলৈ সক্ষম হৈছে৷ ২০২১ চনত ডুবাইত পাকিস্তানে ভাৰতীয় দলটোক পৰাস্ত কৰিছিল৷ আজি পাকিস্তানক পৰাস্ত কৰি চলিত বিশ্বকাপৰ ছুপাৰ ৮ত প্রৱেশৰ পথ সুগম কৰাৰ লক্ষ্য লৈছে ৰোহিত বাহিনীয়ে৷ মেচখনত পাকিস্তানৰ পেচ বলিঙৰ প্রত্যাহ্বানক লৈ বিশেষ ৰণনীতি তৈয়াৰ কৰিছে ভাৰতীয় দলটোৱে৷ পাকিস্তানে প্রথমখন মেচত আমেৰিকাৰ হাতত পৰাস্ত হ’লেও আজি ভাৰতীয় দলটোৱে বাবৰ বাহিনীক সহজভাৱে ল’ব বিচৰা নাই৷ কাৰণ যিকোনো মুহূর্ততে দলটোৰ প্রত্যাৱর্তন ঘটোৱাৰ শক্তি আছে৷ অৱশ্যে আজি এই হাইভ’ল্টেজ মেচখনৰ পূর্বে কিছু চিন্তিত হৈ পৰিছে ভাৰতীয় শিবিৰ৷ আয়াৰলেণ্ডৰে খেলা প্রথমখন মেচত তাৰকা বেটাৰ বিৰাট কোহলি আৰু সূর্যকুমাৰ যাদৱ সম্পূর্ণৰূপে ব্যর্থ হৈছিল৷ অৱশ্যে আজি কোহলি আৰু সূর্যকুমাৰে নিজৰ ছন্দলৈ উভতি আহিব বুলি আশা ব্যক্ত কৰি টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই কয় যে পাকিস্তানৰ পৰা পাবলগীয়া সকলো ধৰণৰ প্রত্যাহ্বানক লৈ সম্পূর্ণ সাজু হৈছে সতীর্থসকল৷ নিউয়র্কৰ উইকেটৰ লগত খাপ খোৱাৰ বাবে সতীর্থসকলে কালি দীর্ঘ সময় ধৰি অনুশীলনত ভাগ লয়৷ আজিৰ মেচখনত পাকিস্তানতকৈ নিউয়র্কৰ খেলপথাৰখনহে আটাইতকৈ ডাঙৰ প্রত্যাহ্বান হ’ব বুলি মন্তব্য কৰি অধিনায়ক ৰোহিত শর্মাই লগতে কয় যে নাছাউ কাউণ্টী আন্ত:ৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামৰ উইকেটৰ মহিমা বুজাটো টান৷ ইয়াৰ উইকেটে কেতিয়াবা বাউন্স আৰু কেতিয়াবা বল তললৈ নামি আহে৷ গতিকে আমি প্রথমৰে পৰাই সাৱধানতাৰে খেলিব লাগিব৷ কাৰণ বিপক্ষ দলটোত শ্বাহিন শ্বাহ আফ্রিদী, হৰিশ ৰৌফ, নাছিম শ্বাহকে ধৰি কেইবাজনো তাৰকা পেচ বলাৰ আছে৷ গতিকে মেচখন অধিক আকর্ষণীয় হৈ উঠাটো খাটাং৷

Featured