শীর্ষ ১৫০ৰ ভিতৰত ভাৰতৰ দুখন আইআইটি

🔹 কিউএছ ৱর্ল্ড ইউনিভাৰ্ছিটী ৰেংকিংছ ২০২৫

বিশেষ বাৰ্তা, ৬ জুন : কিউএছ এডু ডাটা ছামিটৰ পাছতে ৱাশ্বিংটন ডিচিত কিউএছ ৱর্ল্ড ইউনিভাৰ্ছিটী ৰেংকিংছ ২০২৫ প্রকাশ কৰা হৈছে৷ বিশ্বৰ ১৫০ উচ্চ শৈক্ষিক ব্যৱস্থাৰ অন্তর্গত ১৫০০ বিশ্ববিদ্যালয়ৰ গুণগত মানৰ আধাৰত প্রকাশিত এই ৰেংকিং তালিকাত শীর্ষ ১৫০ৰ ভিতৰত দুখন ভাৰতীয় আইআইটিয়ে স্থান লাভ কৰিছে৷ তদুপৰি এই তালিকাত ভাৰতৰ ৬১ শতাংশ বিশ্ববিদ্যালয় ৰেংকিঙত উন্নীত হৈছে৷ তালিকা অনুসৰি আইআইটি বোম্বেই ১১৮সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে আইআইটি দিল্লীয়ে ১৫০সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ১৫০ত স্থান লাভ নকৰিলেও ৰেংকিং তালিকাত আইআইটি খড়গপুৰে পূর্বতকৈ উন্নীত হৈ ২২২সংখ্যক স্থান, আইআইটি মাদ্রাছে ২২৭ আৰু আইআইটি কানপুৰে ২৬৩সংখ্যক স্থানলৈ উন্নীত হৈছে৷ উল্লেখ্য যে এই তালিকাৰ শীর্ষস্থানত আছে আমেৰিকা যুক্তৰাষ্ট্রৰ কেম্ব্রিজৰ মাছাছুটেছ ইনষ্টিটিউট অৱ টেকনলজী (এমআইটি)৷ দ্বিতীয় স্থানত গ্রেট ব্রিটেইনৰ ইম্পাৰিয়েল কলেজ অৱ লণ্ডন, তৃতীয় স্থানত অক্সফোর্ড বিশ্ববিদ্যালয়, চতুর্থ স্থানত হার্ভার্ড বিশ্ববিদ্যালয় আৰু পঞ্চম স্থানত কেম্ব্রিজ বিশ্ববিদ্যালয় আছে৷

Featured