অপৰাধ গোচৰত দোষী সাব্যস্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনৰ পুত্র

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ জুনঃ মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনৰ পুত্র হাণ্টাৰ অপৰাধ গোচৰত দোষী সাব্যস্ত হোৱাৰ লগে লগে বিশ্বৰ সমৃদ্ধিশালী দেশখনৰ ৰাজনীতিত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ৷ আগ্নেয়াস্ত্র ক্রয় কৰাৰ সময়ত নিজৰ মাদক আসক্তি সন্দর্ভত মিছা তথ্য দিয়াৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছে জ’ বাইডেনৰ পুত্রক৷ ডেলাৱাৰ প্রদেশৰ এখন আদালতত এই সম্পর্কীয় অপৰাধ গোচৰৰ তিনিটা অভিযোগত দোষী সাব্যস্ত কৰা হৈছে হাণ্টাৰ বাইডেনক৷ আমেৰিকাৰ আইন অনুসৰি, তিনিওটা গোটৰত অভিযোগ প্রামাণিত হ’লে হাণ্টাৰৰ ২৫ বছৰ পর্যন্ত কাৰাদণ্ড হ’ব পাৰে৷ ২০১৮ চনত বন্দুক ক্রয়ৰ বাবে প্রয়োজনীয় ফর্মবোৰত মিছা বিবৃতি দিয়াৰ বাবে ২০২৩ চনৰ ছেপ্টেম্বৰত অভিযুক্ত কৰা হৈছিল ৫৩ বছৰীয়া হাণ্টাৰক৷ ২০১৮ চনৰ অক্টোবৰ মাহত ১৮ দিনৰ বাবে অবৈধভাৱে বন্দুকটো নিজৰ হাতত ৰাখিছিল বুলিও অভিযোগ প্রমাণিত হৈছে হাণ্টাৰৰ বিৰুদ্ধে৷ হাণ্টাৰ বাইডেন দোষী সাব্যস্ত হোৱাৰ লগে লগে ৰিপাব্লিকান নেতাসকলে ৰাষ্ট্রপতি নির্বাচনৰ পূর্বে জ’ বাইডেনক শ’লঠেকত পেলোৱাৰ নতুন অস্ত্র লাভ কৰিছে৷ ৰিপাব্লিকান নেতাসকলে অভিযোগ কৰিছে যে জ’ বাইডেন যেতিয়া উপ–ৰাষ্ট্রপতি পদত আছিল তেতিয়া হাণ্টাৰৰ বিভিন্ন ব্যৱসায়িক আর্থিক লেনদেনৰ পৰা লাভৱান হৈছিল তেওঁ নিজেও৷ ৰিপাব্লিকানৰ দাবী অনুসৰি উপ–ৰাষ্ট্রপতি হৈ থকা সময়তে জ’ বাইডেনে তেতিয়াৰ দুর্নীতিগ্রস্ত ইউক্রেইনী সংস্থাক ৰক্ষা কৰিবলৈ হস্তক্ষেপ কৰিছিল৷ সেই ব’ডত উপস্থিত আছিল হাণ্টাৰো৷ গতিকে, হাণ্টাৰৰ অপৰাধৰ সৈতে জ’ বাইডেন জড়িত বুলিও ৰিপাব্লিকানে অভিযোগ কৰিছে৷

Featured