অষ্ট্রেলিয়া বধৰ পিছত আফগানিস্তানত বিজয়োৎসৱ

🔹 এদিনীয়া বিশ্বকাপত পৰাজয়ৰ প্রতিশোধ ল’লে ৰছিদ বাহিনীয়ে

বিশেষ বাৰ্তা, ২৩ জুন : যোৱা বছৰ ক্রিকেটেই যেন তেওঁলোকৰ পৰা সকলো আশাৰ আলোক কাঢ়ি নিছিল৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ যন্ত্রণা লৈ এদিনীয়া বিশ্বকাপৰ পৰা বিদায় ল’বলগীয়া হৈছিল ৰছিদ খানৰ দলটোৱে৷ এদিনীয়া ক্রিকেটৰ এই পৰাজয়ৰ প্রতিশোধ ল’লে আফগানিস্তানে৷ ইয়াৰ পিছতে দেশজুৰি আৰম্ভ হয় বিজয় উৎসৱ৷ কিংছ টাউনত আজি অনুষ্ঠিত এখন তীব্র উত্তেজনাপূর্ণ মেচত অষ্ট্রেলিয়াৰ বিৰুদ্ধে ২১ ৰানত বিজয়ী হয় আফগান বাহিনী৷ এতিয়া নিজৰ অন্তিমখন মেচত বাংলাদেশক বৃহৎ ব্যৱধানত পৰাজিত কৰিব পাৰিলেই ছেমিফাইনেলত প্রৱেশ কৰিবলৈ সক্ষম হ’ব ৰছিদ বাহিনী৷ ছেমিত প্রৱেশৰ পথ জটিল হ’লেও টি–২০ বিশ্বকাপত অষ্ট্রেলিয়াক হৰুৱাই মধুৰ প্রতিশোধ লোৱাৰ আনন্দত মাতাল হৈ পৰিছে আফগানিস্তানৰ ক্রিকেট অনুৰাগী৷ মেচখনৰ পিছত দেশখনৰ ক্রিকেট ব’ৰ্ডৰ তৰফৰ পৰা এটি ভিডিঅ’ পোষ্ট কৰা হয়৷ তাত দেখা যায় অঘোষিত উৎসৱত আত্মহাৰা হৈ পৰিছে সাধাৰণ মানুহ৷ গানৰ তালে তালে চলিছে উদ্দাম নৃত্য৷ আতচবাজীৰে উত্তাল কৰি তোলা হৈছে পৰিৱেশ৷ পথৰ যান–জঁটক লৈ কাৰো ভ্রূক্ষেপ নাই৷ মেচখনত জয়লাভ কৰাৰ পিছতে উৎসৱৰ প্রস্তুতি আৰম্ভ হয় কেৰিবিয়ানৰ পৰা আফগানিস্তানলৈ৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’৷ উল্লেখ্য যে টি–২০ বিশ্বকাপত অন্যতম অঘটন সৃষ্টি কৰি ছেমিফাইনেলত প্রৱেশৰ আশা সজীৱ কৰি তুলিলে আফগানিস্তানে৷ অষ্ট্রেলিয়াক ২১ ৰানত পৰাজিত কৰি টি–২০ বিশ্বকাপৰ ছুপাৰ এইটৰ যুঁজ আকর্ষণীয় কৰি তুলিলে ৰছিদ খানৰ দলে৷ মেচখনত প্রথমে বেটিং কৰি আফগানিস্তানে ৬ উইকেটত ১৪৮ ৰান সংগ্রহ কৰে৷ প্রত্যুত্তৰত অষ্ট্রেলিয়াৰ ইনিংছ শেষ হয় ১৯.২ অভাৰত ১২৭ ৰানত৷ টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় অষ্ট্রেলিয়াৰ অধিনায়ক মিছেল মার্শ্বে৷ প্রথমে বেটিং কৰি আফগানিস্তানৰ দুই অ’পেনাৰে ১১৮ ৰানৰ যুটি বান্ধে৷ ইয়াৰ বিপৰীতে আফগানিস্তানৰ বলাৰৰ সন্মুখত সহজে আত্মসমর্পণ কৰে অষ্ট্রেলিয়াৰ বেটাৰসকলে৷

Featured