লণ্ডনৰ পথত লুংগী পৰিধান কৰি ভাৰতীয় সুন্দৰীৰ ভিডিঅ’

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মে’ : বাংলাদেশ, শ্রীলংকা, ম্যানমাৰ আৰু ভাৰতত লুংগী জনপ্রিয় পোছাক৷ ভাৰতৰ উত্তৰ–পূবৰ ৰাজ্যবোৰৰ লগতে দক্ষিণ ভাৰত, পঞ্জাব–হাৰিয়ানা আৰু পশ্চিমবংগতো লুংগী ঘৰুৱা পছন্দৰ পোছাক৷ অৱশ্যে ইয়াক পৰিধান কৰাৰ ক্ষেত্রত পার্থক্য আছে বিভিন্ন স্থানত৷ জনপ্রিয় হ’লেও পোছাক হিচাপে লুংগীক বিশেষ গুৰুত্ব দিয়া নহয়৷ পৰিধান জগতৰ ক্ষেত্রত যেন লুংগী একেবাৰে নিছলা পোছাক এই লুংগী পৰিধান কৰি লণ্ডনৰ ৰাজপথত খোজকঢ়া দেখিবলৈ পোৱা গ’ল এগৰাকী সুন্দৰীক৷ ভাইৰেল হৈছে এই ভিডিঅ’৷ বগা চাহাবৰ দেশত ভাৰতীয় তৰুণীৰ লুংগী দেখি বিভিন্নজনে বিভিন্ন মত পোষণ কৰিছে৷ প্রবাসী লোকসকলৰ দেশৰ প্রতি আকর্ষণ থাকে আটাইতকৈ বেছি৷ দেশ মানে তেওঁলোকৰ সংস্কৃতি৷ ভাৰতৰ বিভিন্ন ৰাজ্যত লুংগী হৈছে ঐতিহ্যশালী পোছাক৷ বিভিন্ন ধৰণৰ, বিভিন্ন ৰঙৰ লুংগী ভাৰতত পোৱা যায়৷ কিন্তু লণ্ডনৰ পথত যিগৰাকী তৰুণীয়ে লুংগী পৰিধান কৰিছে, তেনে লুংগী সাধাৰণতে ভাৰতৰ পশ্চিমবংগত নাইবা বাংলাদেশত পোৱা যায়৷ ভাইৰেল ভিডি’ত দেখিবলৈ পোৱা গৈছে সুন্দৰীয়ে পৰিধান কৰিছে নীলা চেকপ্রিণ্টৰ লুংগী এখনৰ সৈতে বেঙুনীয়া এটা টি–ছার্ট৷ চকুত ছানগ্লাছ ভিডিঅ’ৰ কেপচনত লিখা হৈছে– ‘লুংগী পৰিধান কৰি লণ্ডনত৷’ হাঁহিমুখেৰে লণ্ডনৰ পথত খোজকঢ়া দেখা গৈছে তৰুণীক৷ সেই দেশৰ পুৰুষ–মহিলাসকলে এই তৰুণীৰ ফালে কৌতূহলৰ দৃষ্টিৰে চাইছে৷ এই অদ্ভুত পোছাক দেখি ব্রিটেইনৰ লোকসকলে আশ্চর্য প্রকাশ কৰিছে যদিও সেইবোৰলৈ ভ্রূক্ষেপ নাই তৰুণীৰ৷

Featured