ৰামেই ভৰসা ! ভক্তক ফোঁট দি দৈনিক ঈর্ষণীয় আয়

🔹 অযোধ্যাৰ ৰাম মন্দিৰৰ কিশোৰৰ ভিডিঅ’ ভাইৰেল

বিশেষ বাৰ্তা, ১০ মে’ : ৰামনগৰী অযোধ্যাত প্রতিদিনে পুণ্যার্থীয়ে ভিৰ কৰি আহিছে৷ যোৱা ২২ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাম মন্দিৰ উদ্বোধন কৰাৰ পাছৰে পৰা লাখ লাখ ভক্তৰ সমাগম ঘটিছে৷ চলচ্চিত্র জগতৰ তাৰকা অমিতাভ বচ্চন, প্রিয়ংকা চোপ্রা প্রমুখ্যে বহুতেই ৰামলালাৰ দর্শন কৰিছে৷ ৰাম মন্দিৰ উদ্বোধনৰ পাছৰে পৰা অযোধ্যাৰ অর্থনৈতিক গাঁথনিৰো উন্নতি ঘটিছে৷ আয় বৃদ্ধি পাইছে স্থানীয় বাসিন্দাসকলৰ৷ এইবাৰ মন্দিৰনগৰীৰ এজন কিশোৰৰ ভিডিঅ’ ভাইৰেল হৈছে৷ এই কিশোৰজনে ৰাম মন্দিৰৰ সন্মুখত দর্শনাথীসকলৰ কপালত মাথোঁ তিলক লগায়৷ কিশোৰজনৰ প্রতিদিনৰ উপার্জন শুনিলে চকু কপালত উঠিব৷ ভাইৰেল হোৱা এই ভিডিঅ’ৰ বিষ্ময় বালকৰ নাম গোলু৷ প্রতিদিনে পুৱা ৬ বজাত গোলুৱে আৰম্ভ কৰে ভক্তক কপালত ফোঁট দিয়া কাম৷ পুৱা ১০ বজালৈকে ৰামলালাৰ দর্শন কৰিবলৈ অহা ভক্তসকলৰ কপালত সেন্দূৰৰ ফোঁট লগায় গোলুৱে৷ আকৌ নিশা ৮ বজালৈকে চলে মাত্র চন্দনৰ ফোঁট দিয়াৰ কাম৷ এই ফোঁট দিয়া কাম কৰিয়েই গোলুৱে প্রতিদিনে উপার্জন কৰিছে বৃহৎ অংকৰ ধনৰাশি৷ আনকি গোলুৰ এদিনৰ উপার্জন চিকিৎসক–অভিযন্তাৰ মাহিলি বেতনতকৈও বেছি৷ এই কথা ভিডিঅ’টোত নিজমুখে স্বীকাৰ কৰিছে গোলুৱে৷ প্রতিদিনে গোলুৰ উপার্জন হয় ১,৫০০ টকাৰ পৰা ২,০০০ টকালৈ৷

Featured