বাংলাদেশত সংখ্যালঘুৰ ওপৰত হিংসা অতি হৃদয়বিদাৰক : প্রীতি জিণ্টা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ আগষ্টঃ বাংলাদেশত ছাত্র বিক্ষোভৰ সময়ত প্রধানমন্ত্রী শ্বেখ হাছিনাই পদত্যাগ কৰি দেশৰ পৰা পলায়ন কৰাৰ পাছতে ধর্মীয় সংখ্যালঘু হিন্দুৰ ওপৰত ভয়াৱহ আক্রমণ চলে৷ হিন্দুৰ মঠ–মন্দিৰ জ্বলাই দিয়াৰ লগতে বাসগৃহত লুটপাত, অগ্ণিসংযোগ কৰাৰ সমান্তৰালকৈ শাৰীৰিকভাৱে প্রহাৰ কৰা ঘটনাই বিশ্বক হতবাক কৰি তুলিছে৷ চুবুৰীয়া দেশখনত হিন্দুৰ ওপৰত চলোৱা আক্রমণক লৈ উদ্বিগ্নতা প্রকাশ কৰিছে বলীউডৰ অভিনেত্রী প্রীতি জিণ্টাই৷ বাংলাদেশত হিন্দু সংখ্যালঘু সম্প্রদায়ৰ সমর্থনত প্রীতি জিণ্টাই কয় যে দেশখনত সংখ্যালঘু জনতাৰ ওপৰত হিংসাৰ বাতৰি শুনি ভাগি পৰিছোঁ৷ এই হিংসা অতি হৃদয়বিদাৰক৷ হিন্দু লোকক হত্যা কৰা হৈছে, পৰিয়ালক আঁতৰাই পঠিওৱা হৈছে, মহিলাৰ ওপৰত নির্যাতন চলোৱা হৈছে, ধর্মীয় অনুষ্ঠান লণ্ডভণ্ড কৰাৰ লগতে জ্বলাই দিয়া হৈছে৷ আশা কৰোঁ যে নতুন চৰকাৰে হিংসা বন্ধ কৰি জনতাক সুৰক্ষা দিব৷ এই সময়ছোৱাত কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা প্রত্যেককে মই সহমর্মিতা প্রকাশ কৰিছোঁ৷ অভিনেত্রীগৰাকীয়ে হেছটেগ‘ছেভ বাংলাদেশী হিন্দুজ’ ব্যৱহাৰ কৰি সামাজিক মাধ্যমত এই মন্তব্য প্রকাশ কৰিছে৷ উল্লেখ্য যে প্রীতি জিণ্টাৰ পূর্বে অভিনেতা চনু সুদে বাংলাদেশত ধর্মীয় সংখ্যালঘুৰ ওপৰত চলোৱা আক্রমণ–নির্যাতনক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে৷ সিন্হা নামৰ এগৰাকী বাংলাদেশী হিন্দু মহিলাৰ ভিডিঅ’ শ্বেয়াৰ কৰি অভিনেতা চনু সুদে কৈছিল–বাংলাদেশৰ পৰা আমাৰ ভাৰতীয়সকলক ওভতাই অনা উচিত৷ তেওঁলোকক ইয়ালৈ আনি ভাল জীৱন এটা দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ আমাৰ চৰকাৰৰ এয়াই এক দায়বদ্ধতা৷ জয় হিন্দ৷

Featured